Breaking

একেটা পৰিয়ালৰ দুই বোৱাৰী নামিছে নিৰ্বাচনী যুদ্ধত

0 2,098

গোৱালপাৰা চহৰৰ প্ৰান্তে প্ৰান্তে পৌৰ নিৰ্বাচনৰ গৰম বতাহ, নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই প্ৰতি গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ শক্তি শালী কৰি তুলিছে । এইবাৰ গোৱালপাৰা পৌৰ সভা নিৰ্বাচনৰ, ৩ নং ৱাৰ্ডত চলিছে বোৱাৰী যুদ্ধ, একেটা পৰিয়ালৰ দুগৰাকী বোৱাৰী প্ৰতিদ্বন্দিতা কৰিব ওলাইছে, বিজেপিৰ মনোনীত প্ৰাৰ্থী সৰু বোৱাৰী অপৰূপা দাসৰ বিপৰীতে ডাঙৰ বোৱাৰী মানসী নাথে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰিব ওলাইছে। উল্লেখনীয় যে দূয়োগৰাকী বোৱাৰীয়ে জয়ৰ বাবে নিশ্চিত বুলি মন্তব্য প্ৰদান কৰিছে।দূখীয়া দৰীদ্ৰ লোকৰ সমস্যা দুৰ কৰিব পৰা প্ৰাৰ্থী ক  হে  ৰাইজে ভোট দিব বুলি মানসী নাথৰ দাবী লগতে এইবেলি পৌৰ সভাৰ বোৰ্ড গঠন কৰোতে নিৰ্দলীয় প্ৰাৰ্থী হে বিবেচনা কৰিব কোন দলক অগ্ৰাধিকাৰ দিয়া হ’ব।

 মানসী নাথৰ দাবী- সমস্যা সমাধানৰ বাবে ৩ নং ৱাৰ্ডৰ ৰাইজে ভোট দিব নিৰ্দলীয় প্ৰাৰ্থীক। মূল প্ৰতিদ্বন্দ্বী কোন হ’ব বুলি কৰা প্ৰশ্নত মানসী নাথে জনায় যে ৰাইজ হৈছে শক্তি আৰু এশ শতাংশ ৰাইজ যেতিয়া লগত আছে সেই স্থলত অহা নিৰ্বাচনত তেখেতৰ কোনো প্ৰতিদণ্ডীয়ে নাই,আনপিনে সৰু বোৱাৰী অপৰূপা দাসে কয় যে ৩ নং ৱাৰ্ডৰ ৰাইজৰ সকলো সমস্যাই তেখেতে দুৰ কৰিব পাৰিব, কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা শক্তিশালী দলৰ পৰা যিহেতু প্ৰতিদ্বন্দিতা আগবঢ়াইছে,জয়লাভ কৰাৰ পিছত বিজেপিৰ নেতৃবৃন্দৰ পৰা সকলো ধৰনৰ আঁচনি আনিব পাৰিব বুলি দাবী কৰিছে লগতে জনায় এইবেলি পৌৰসভাৰ বোৰ্ডখন ভাৰতীয় জনতা পাৰ্টীৰ দখলত থাকিব। একেটা পৰিয়ালৰ দূয়োগৰাকী বোৱাৰীয়ে প্ৰতিদ্বন্দিতা কৰাত গোৱালপাৰাৰ লগতে সমগ্ৰ অসমতে বিষয়টো চৰ্চিত হৈ পৰিছে।মুঠৰ ওপৰত  ৬ মাৰ্চৰ ভোট যুদ্ধ লৈ সাজু হৈছে দুই বোৱাৰীৰ লগতে  এতিয়া প্ৰতিটো ৱাৰ্ডৰ প্ৰতিগৰাকী প্ৰাৰ্থী।

Leave A Reply

Your email address will not be published.