অবিবক্ত ধেমাজি জিলাৰ প্ৰথম খন হাইস্কুল বৰদলনি উচ্চ (বৰ্তমান উচ্চতৰ) মাধ্যমিক বিদ্যালয়ত ৩ মাৰ্চত মহাৰজত জয়ন্তীৰ বৰ্ষৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰিব। আজি এই সন্দৰ্ভত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ খনি বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায়। সভাখনি পৌৰহিত্য কৰে বিশিষ্ট নাগৰিক ব্যক্তি ভূৰাম দত্তই। সভাই মহাৰজত জয়ন্তী উদযাপনৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ভূমিকা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ গ্ৰহণ কৰিবলগীয়া পদক্ষেপক লৈ আলোচনা কৰে।
দুই শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ সভাত বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে একক দায়বদ্ধ ভাৱে বিভিন্ন দায়িত্ব গ্ৰহণ কৰে। সভাই মহাৰজত জয়ন্তীৰ বাবে অঞ্চলৰ বিশিষ্ট নাগৰিক দুলাল দাসক লৈ সভাপতি আৰু ড০ শিৰোমণি বৰুৱাক লৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এক শক্তিশালী সমিতি গঠন কৰে। উল্লেখ্য, ইতিমধ্যে আদৰনি সমিতি আৰু কুৰিৰো অধিক উপ সমিতিয়ে গঠিত হৈছে মহাৰজত জয়ন্তীৰ উদযাপনৰ বাবে। ১৯৪৬ চনত প্ৰতিষ্ঠা হোৱা বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্ত:গাঁথনি পৰিদৰ্শন কৰি শিক্ষা মন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডা: ৰণোজ পেগুৱে তৎকালে কাৰ্যকৰী হোৱাকৈ ৩ কোটি টকা ব্যয়ৰ ঘোষণা কৰে।