ধুবুৰী, বনবিভাগৰ অভিযানকাৰী দলে মংগলবাৰে নিশা ব্ৰহ্মপুত্ৰ বুকুত অভিযান চলাই বৃহৎ পৰিমানৰ চোৰাং কাঠ উদ্বাৰ কৰাৰ লগতে ৩খন কৈ যন্ত্ৰ চালিত নাও জব্দ কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছ।
ঘটনাৰ বিৱৰনী মতে ধুবুৰী, জিলা বন সংমন্দলৰ প্ৰাধিকাৰী দীপক ডেকাৰ নেতৃত্বত বন অভিযানকাৰী দলে গোপন সূএৰ পম খেদি ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলোৱাৰ সময়ত পাটাকাটা অঞ্চলৰ পৰা ধুবুৰী, অভিমুখে আহি থকাৰ সময়ত পোৰাৰ চৰ অঞ্চলত নাও তিনিখন ৰখাই তালাচী চলোৱাৰ সময়ত নাও তিনিখনত নথিপএ বিহীন মূল্যবান বৃহৎ পৰিমাণৰ শাল,চেগুন কাঠ জব্দ কৰে। অভিযানৰ সময়ত চোৰাং কাৰবাৰী দলটো পলাই যাবলৈ সক্ষম হয়। নাও তিনিখন অভিযান কাৰী দলে জব্দ কৰে। জব্দকৃত কাঠৰ ,মূল্য ৪ লাখ টকা হব বুলি বন বিষয়াই জনাইছে।