Breaking

আজি চিত্ৰগৃহলৈ হাস্যমধুৰ ছবি “ৰাইনো এক্সপ্ৰেছ”

0 224

আজি চিত্ৰগৃহলৈ হাস্যমধুৰ ছবি “ৰাইনো এক্সপ্ৰেছ” । এতিয়া চিত্ৰগৃহত ছবি চলাৰ পৰিৱেশ আহি পৰিছে। সম্প্ৰতি দেশৰ প্ৰেক্ষাপটত বিভিন্ন ছবিয়ে চিত্ৰগৃহত দৰ্শকৰ পূৰামাত্ৰাই সঁহাৰি পাই আছে। অসমতো আজি ৪ মাৰ্চত বিভিন্ন চিত্ৰগৃহত মুক্তি পাব “ৰাইনো এক্সপ্ৰেছ” নামৰ হাস্যমধুৰ ছবিখন।

অসমীয়া চলচ্চিত্ৰ জগতত বিশেষ ট্ৰেণ্ডৰ ছবি পৰিচালনাৰে প্ৰতিষ্ঠা লাভ কৰা যুৱ পৰিচালক মণি সিনহা পৰিচালিত আৰু অজয় বাৰ্মা প্ৰযোজিত “ৰাইনো এক্সপ্ৰেছ”ৰ গীত আৰু ট্ৰেইলাৰে আকৰ্ষিত কৰিছে। খুশী এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত “ৰাইনো এক্সপ্ৰেছ “ৰ টীমটোত দেখা যাব সিদ্ধাৰ্থ শৰ্মা (কে, কে), অমৃতা গগৈ, উদয়ন দুৱৰা, বিশাল বৰা, ৰাজীৱ বৰঠাকুৰ, জিৎ বৰুৱা, ৰেখাশ্ৰুতি নাথ, গৰিমা কাশ্যপ, মনোজ গগৈ, ফৈলাও বসুমতাৰীৰ উপৰিও বিশেষ চৰিত্ৰত জয়ন্ত ভাগৱতী আৰু চেতনা দাসৰ ৰসভৰা অভিনয়। ছবিৰ চিত্ৰনাট্য – মণি সিনহা আৰু কুমাৰ লোধীৰ। সংলাপ-মণি সিনহা, ৰাজীৱ বৰঠাকুৰৰ। সংগীত-ৰিদিপ দাস, ৰাহুল দেৱনাথ, বাস্তৱ কুমাৰ নাথ, পৰাগ প্ৰিয়ম নাথৰ ।গীতৰ কথা- ৰাজদ্বীপ, ডেনিছ আৰু ৰাজীৱ বৰঠাকুৰৰ। কন্ঠ নিগৰাইছে – অংগৰাগ মহন্ত, নীল আকাশ, সিদ্ধাৰ্থ হাজৰিকা, ডিম্পী সোণোৱাল আদিয়ে।

ছবিৰ সম্পাদনা আৰু ডি আই – ৰতন শীল শৰ্মাৰ। ভি এফ এক্স – অভিজিত সন্দিকৈৰ। চিত্ৰগ্ৰহণ – বিতুল দাসৰ। চাউণ্ড ডিজাইনিং-সুমীৰ দেউৰীৰ। ছবিৰ মূখ্য সহ পৰিচালক – দিলীপ দত্ত। সহ: পৰিচালক-সমৰজ্যোতি সৰকাৰ আৰু দীপজ্যোতি ডেকা।ইতিমধ্যে ছবিৰ গীতেও  জনপ্ৰিয়তা অৰ্জন কৰিছে। অসমীয়া চলচ্চিত্ৰ জগতত সম্প্ৰতি হাস্যমধুৰ ছবিৰ অভাৱৰ সময়তে “ৰাইনো এক্সপ্ৰেছ”য়ে দৰ্শকক পূৰামাত্ৰাই হাঁহিৰ খোৰাক যোগাব বুলি কব পাৰি।।

Leave A Reply

Your email address will not be published.