সময়ৰ সোঁতত লুকাই গৈছে বহু প্ৰতিভাৰ অন্তৰংগ। এজন হস্তশিল্প তথা গায়ক । আজি আমি আপোনালোকক এনে এজন খুবেই দৰিদ্ৰ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব ওলাইছোঁ, যিজন ব্যক্তিৰ আছে এনে বহু প্ৰতিভা । সততে বহুতে ভাৱে গান গায় ভাইৰেল হৈ পৰা গীতিকাৰ বোৰকেই শিল্পী বুলি কয় । কিন্তু আপুনি ভৱাটো মুঠেই সমোচিত নহয় । শিল্পী হ’ল ড° ভূপেন হাজৰিকা, অৰ্চনা মহন্ত, খগেন মহন্ত, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, দীপালী বৰঠাকুৰ আৰু বহু ন-পুৰনি। এওলোকৰ সমাজৰ প্ৰতি থকা অৱদানে চিৰ যুগমীয়া কৰে অসম খনক । সহজ অৰ্থত এওলোকহে শিল্পী । কাৰোবাৰ বাদ্য যন্ত্ৰই , কাৰোবাৰ সুৰে, আকৌ কাৰোবাৰ শিল্প কলাই স্থান পায় বহুতৰে হৃদয় । কিন্তু অসংখ্য গুণ থাকিলেও অৱহেলিত, লাঞ্চিত, বঞ্চিত হয় চৰকাৰৰ পৰা । চিনি নাপায় বহুলোকে । তেনে এজন অতি দৰিদ্ৰতাত নিজৰ শিল্প সত্তাক ধৰি ৰখা এজন শিল্পীক চিনাকী কৰাই দিব লৈছো।
মৰিগাঁও জিলাৰ মিকিৰভেটা অঞ্চলৰ ফলিয়ামাৰি গাওঁৰ বাসিন্দা এও অনন্ত মেধী । বয়স ৭০ উদ্ধৰ। এই ব্যক্তি জনে নিজ হাতেৰে বিভিন্ন মূৰ্তি কাঠেৰে তৈয়াৰ কৰা উপৰিও বিভিন্ন বাদ্যযন্ত্ৰ ঘৰতেই সাজি ওলায়াইছে । তাৰ উপৰিও তেওঁ ঢোল,খোল,কালি আদিকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ বোৰ নিজে সঁজা উপৰিও তেওঁ গায়ক হিচাপে পৰিগণিত আছিল এটা সময়ত । নিজ হাতেৰে বনোৱা বাদ্য যন্ত্ৰ লৈয়ে বহুলোক গীত পৰিৱেশন কৰে বহু বেচৰকাৰী অনুষ্ঠানত । পাৰিশ্ৰমীকৰ নামত কেৱল ফুটাকৰী । চৰকাৰী আঁচনীয়ে ঢুকি নাপাই এওঁলোকক। নাই আজিলৈকে চৰকাৰী ঘৰ। বহুবাৰ আবেদন কৰিও নাপালে শিল্পী পেঞ্চন। আছে মাথোঁ কেৱল এটা ভঙা চিঙা জুপুৰি। বোকাতেই পদুম ফুলাৰ দৰেই ফুলি থকা এইজন লোক বাদ্য শিল্পী হেৰাই গৈছে কেৱল মাত্ৰ এটা পপীয়া তৰা হৈ। অজস্ৰ প্ৰতিভা থকাৰ সত্বেও অৱহেলিত আজিও চৰকাৰী অভিলাষী আঁচনিৰ পৰা। এই বাতৰি পঢ়াৰ পিছত এবাৰ দৃষ্টি পৰিবনে ৰজাঘৰীয়াৰ ।