মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত দিহিং আৰু টিৰাপ নৈয়ে সৄষ্টি কৰা বান আৰু গৰাখহনীয়া সমস্যাৰ লগতে বিভিন্ন জলন্ত সমস্যাৰ স্থায়ী সমাধানৰ দাবীত অসম জাতীয়তীবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে এক বিক্ষোভ কাৰ্যসূচী হাতত লয়। ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মীয়ে মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত পষ্টাৰ, বেনাৰ আদি লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে দিহিং আৰু টিৰাপ নৈয়ে সৄষ্টি কৰা বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰক, বিজেপিৰ চৰকাৰ হায়! হায়! অসম চৰকাৰ মুৰ্দাবাদ আদি শ্ল’ গানেৰে মাৰ্ঘেৰিটা নগৰ উত্তাল কৰি তুলে। বানপানী আৰু গৰাখহনীয়া সমস্যা অনতিপলমে সমাধান কৰিবলৈ ছাত্ৰ সংগঠনটোৱে বিভাগীয় কৰ্তৃপক্ষলৈ তথা চৰকাৰলৈ দাৱী জনাইছে। অন্যথা সংগঠনটোৱে চৰকাৰ বিৰোধী তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰিছে।