Breaking

নাজিৰাত দিখৌ নৈপৰীয়া ৰাইজৰ হাহাকাৰ : তীব্ৰ গড়াখহনীয়াত ঘৰ-বাৰী হেৰুৱালে ৫ পৰিয়ালে ।

0 631

নাজিৰা : কৰ’না সংক্ৰমণৰ লকডাউনৰ চতুৰ্থটো পৰ্য্যায় অতিক্ৰম কৰাৰ মূহুৰ্ত্ততে প্ৰকৃতিৰ চিৰাচৰিত বাৰিষাৰ বৰষুণত দিখৌৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা প্ৰৱল সোঁতত যোৱা দুটা দিনত নদীৰ পাৰত বসবাস কৰা পৰিয়াল সমূহৰ দুৰ্গতি অধিক বাঢ়ি গৈছে ।  প্ৰৱল খহনীয়াৰ গৰাহত পৰা নাজিৰা নগৰৰ ১ নং ৱাৰ্ডৰ ৪০-৫০ ঘৰ মানুহৰ সমস্যা চৰকাৰৰ দৃষ্টিত পৰিছে যদিও এই বাতৰি লিখা পৰ্য্যন্ত কোনো সঁহাৰিমূলক ভূমিকা পৰিলক্ষিত হোৱা নাই  l এই পৰ্য্যন্ত  পাকঘৰৰ পৰা পৰা আৰম্ভ কৰি শোৱনি কোঠা পৰ্য্যন্ত নদীৰ বালিচহীয়া মাটিৰ খহনীয়াই সোপাকে নদীৰ বুকুলৈ খহাই নিয়াৰ লগতে নিশ্চিহ্ন কৰি পেলোৱাত দুটি সন্তানৰ সৈতে দীপ্তি দাসে আবাস-গৃহ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । তেনেদৰে দুটি সন্তান সহ অতুল দাসৰ পৰিয়াল, ক্ষুদ্ৰ ব্যৱসায়ী লক্ষেশ্বৰ দাসৰ পৰিয়াল, সুৰেন দাসৰ পৰিয়াল, কেৰেং দাসৰ পৰিয়াল, পূৰ্ণকান্ত দাস, অমূল্য দাস আদি লোক সকলে কোনো ভড়াঘৰলৈ স্থানান্তৰ হৈছে যদিও কোনো কোনোৱে ধনৰ অভাৱত স্থানান্তৰ হ’ব পৰা নাই. । প্ৰায় ১৫ বছৰ ধৰি বসবাস কৰি বিজুলি বাতিৰো সংযোগ হোৱা এই স্থানত হোৱা দিখৌৰ এই খহনীয়া ব্যাপক হোৱালৈ চাই চৰকাৰীভাৱে বিশেষ তৎপৰতা স্থানীয় ৰাইজে দেখা নাই বুলি অভিযোগ কৰে। আনহাতে স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়াই আজি অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ দুৰ্দ্দশাৰ বুজ লয়  আৰু জলসম্পদ বিভাগৰে যোগাযোগ কৰে। 

Leave A Reply

Your email address will not be published.