Breaking

মানকাচৰত ভয়ংকৰ অগ্নিকাণ্ড । জ্বলি ভস্মীভূত হল বাসগৃহসহ ৫ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি

0 33

মানকাচৰৰ ছোটো বাগঝাপাত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হল বাসগৃহসহ ৫ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত ছোটো বাগঝাপাো গাৱঁত ৰবিবাৰে বিয়লি ৫ বজাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড ৷ আকস্মিকভাবে হোৱা অগ্নিকাণ্ডৰ ফলত ইনতাজুল আলীৰ এটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জ্বলি ভস্মীভূত হয়৷

স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰে যদিও ইমতাজুল আলীৰ এটা বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ৷ ঘৰ খনত জমা থকা ধান, সৰিয়হ আৰু সোণৰ আ – অলংকাৰৰ লগতে NRC ৰ নথি-পত্ৰকে ধৰি বিভিন্ন ধৰণৰ নথি-পত্ৰ জুইত জ্বলি ধ্বংস হয় । অগ্নিকাণ্ডৰ জানিব পৰা হোৱা নাই ৷

Leave A Reply

Your email address will not be published.