Breaking

অধিবক্তা পত্নীৰ গৃহ কন্দল, উকিল সন্থাৰ কাৰ্যলয় চৌহদত অপ্ৰীতিকৰ পৰিস্থিতি

0 39

গোসাঁইগাঁও মহকুমা ন্যায়িক দণ্ডাধীশ আদালত চৌহদত আজি পুৱাতেই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।৷মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা আব্দুছ ছামাদ আহমেদৰ পত্নী ৰশিদা বেগমে আজি পুৱাতেই আদালত চৌহদত উপস্থিত হৈ সৃষ্টি কৰিছে এক অপ্ৰীতিকৰ পৰিস্থিতি৷অধিবক্তাৰ পত্নী ৰশিদা বেগমে নিজৰ ভৰণ পোষণ খৰচ বিচাৰি আদালত চৌহদ উত্তপ্ত কৰি তোলে৷

আদালত চৌহদৰ অধিবক্তা কাৰ্যলয়ত উপস্থিত হৈ মহিলা গৰাকীয়ে স্বামী অধিবক্তা আব্দুছ ছামাদ আহমেদৰ সৈতে কাজিয়াত লিপ্ত হয়৷ উত্তপ্ত পৰিস্থিতিৰ মাজতে দুয়ো সংঘৰ্ষত লিপ্ত হোৱাত ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷মহিলা গৰাকীয়ে অভিযোগ কৰা মতে চাৰি বছৰীয়া এটি কণ্যা সন্তান লৈ এক কষ্টকৰ জীৱন অতিবাহিত কৰা অধিবক্তাই দীৰ্ঘদিনৰ পৰাই ভৰণপোষণ একো দিয়া নাই৷ অধিবক্তাৰ বিৰুদ্ধে গোচৰ দিব গলে কোনো এগৰাকী অধিবক্তা তথা মুহৰীয়ে গোচৰ লিখি নিদিয়ে৷

যাৰ বাবে মহিলা গৰাকীয়ে আদালতৰ পৰা ন্যায় পোৱাৰ পৰা বঞ্চিত হৈ আহিছে। অধিবক্তাৰ পত্নীয়ে আইনৰ আশ্ৰয় গ্ৰহন কৰি ন্যায় পোৱাৰ আহ্বান জনায়৷অৱশ্যে আজি অধিবক্তা আৰু পত্নীৰ দুৰ্বাদল কাজিয়াৰ পিছতে অধিবক্তা ছামাদে ছোৱালীৰ বিদ্যালয়ৰ বকেয়া মাচুল পৰিশোধ কৰা বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.