Breaking

হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

0 119

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি হাটশিঙিমাৰী “এলিগেণ্ট ইংলিছ একাডেমি” বিদ্যালয়ৰ চৌহদত বিজ্ঞানৰ বিভিন্ন নমুনা প্ৰদৰ্শনীৰ প্ৰতিযোগিতাৰ আয়োজন ।

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীস্থিত “এলিগেণ্ট ইংলিচ্ একাডেমি” বিদ্যালয় চৌহদত বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰী সকলোৰ মাজত এক বিজ্ঞানৰ বিভিন্ন নমুনা প্ৰদৰ্শনীৰ প্ৰতিযোগিতাৰ আয়োজন কৰে।

উক্ত নমুনা প্ৰদৰ্শনিত বিদ্যালয়খনৰ প্ৰায় ৫০ জন ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক উৎসাহ আৰু উদ্দিপনাৰে নিজৰ নিজৰ বিজ্ঞানৰ নমুনাসমূহ সাজি উলিয়াই প্ৰদৰ্শনী কৰে।বিজ্ঞানৰ নমুনাসমূহৰ ভিতৰত আছে আগ্নেয়গীৰি,পৰিৱেশ প্ৰদূষণ,সৌৰজগত,পানীৰ টেংক,উদ্দোগ আদি বিভিন্ন ধৰণৰ আকৰ্শনীয় ‍অৰ্হি প্ৰস্তুত কৰে বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী সকলে।

উল্লেখ যে এলিগেন্ট ইংলিচ একাডেমিয়ে জন্মলগ্নৰে পৰাই প্ৰতিবছৰে আজিৰ দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে।ইয়াৰ ফলত ছাত্ৰ -ছাত্ৰীৰ মাজত বিজ্ঞান মনোস্কত‍া যথেষ্ট ভাৱে বৃদ্ধি পোৱাৰ লগতে প্ৰতি বছৰে চৰকাৰী ভাৱে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰহোত ৰাজ্যিক স্তৰত প্ৰতিনিধিত্ব কৰি আহিবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ আজিৰ প্ৰদৰ্শনিত উপস্থিত থাকে জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আলিউল ইছলাম, ইলাইট একাডেমিৰ অধ্যক্ষ মুস্তাফিজুৰ ৰহমান, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক পলাশ চন্দ্ৰ ৰয় আৰু ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক মিজানুৰ ৰহমান।

Leave A Reply

Your email address will not be published.