Breaking

মহিলাৰ নাগাৰা নামেৰে মুখৰিত বৰক্ষেত্ৰীৰ ঘৰুৱাবাহা।

0 61

মুকালমুৱাৰ ঘৰুৱাবাহাত ৩১ তম্ বাৰ্ষিক শিৱৰাত্রী সভা মহোৎসৱৰ আয়োজন। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘৰুৱাবাহাত ৩১ তম বাৰ্ষিক শিৱৰাত্রী সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। ঘৰুৱাবাহা গাঁৱৰ উদ্যোগত আৰু আঞ্চলিক ৰাইজৰ সহযোগত ঘৰুৱাবাহাস্থিত শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত ১৫ ফাগুন ২৮ ফেব্ৰুৱাৰী আৰু ১৬ ফাগুন ১ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাধুমধামেৰে শিৱৰাত্রী পূজাৰ আয়োজন কৰা হৈছে।

সভাপতি-সম্পাদকদ্বয় ক্ৰমে মাধৱ নাথ আৰু ৰবেন নাথ, উপ- সভাপতি বিচিত্ৰ নাথ, সহ- সম্পাদক পৰেশ নাথ, ধনভৰালী কবিচৰণ নাথৰ লগতে স্থানীয় একাংশ সচেতন লোকৰ তৎপৰতাতেই বিগত সময়চোৱাৰে পৰা আজি ৩১ বছৰ ধৰি ব্যাপক ধুমধামেৰে আয়োজন কৰি আহিছে এই শিৱৰাত্রী সভা মহোৎসৱৰ।এই মহোৎসৱ উপলক্ষে ৰাতিপুৱা ৭ বজাত সামূহিক চাফাই অভিযান,৮ বজাত বৃক্ষৰোপন কৰে শিৱৰাত্রী উদযাপন সমিতিৰ সভাপতি মাধৱ নাথে, ভাগৱত পাঠ কৰে প্ৰহ্লাদ নাথ, দ্বীপেন নাথ আৰু নাৰায়ণ নাথে। আবেলি ৩ বজাৰ পৰা ৰঙিয়াৰ কবিতা বৰুৱা আৰু গাছবাৰীৰ ৰুণুমী নাথৰ দলে নাগাৰা নাম প্ৰদৰ্শন কৰে। ভক্তপ্ৰাণ লোকসকলে ব্যাপক ভিৰ কৰা দেখা যায় অঞ্চলটোত।

Leave A Reply

Your email address will not be published.