Breaking

মায়ঙৰ ডিপৰাং বৰোগাওঁ ইটা ভাটাত ভয়ংকৰ পথ দূৰ্ঘটনা ,থিতাতে নিহত ছাত্ৰী

0 31

মায়ঙৰ ডিপৰাং বৰোগাওঁ ইটা ভাটাত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজনী কনমানী  ছাত্ৰী । মৰিগাঁও জিলাৰ মায়ঙৰ ডিপৰাং বৰোগাঁও ইটা ভাটাত ভয়াবহ পথ দুৰ্ঘটনাত এটি ৯ বছৰীয়া শিশুৰ থিতাতে মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ বিয়পি পৰিছে। 

ইটা ভাটাৰ তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই নিয়ে এটি 9 বছৰীয়া কণমানি কন্যা শিশুক । দুৰ্ঘটনাত থিতাতে নিহত হয় কন্যা শিশুজনীৰ । কণমানি কন্যা শিশু জনীয়ে  ইটা ভাটাৰ ৰাস্তাত খেলি থাকোতে সংঘটিত হয় এই দুৰ্ঘটনা । নিহত কণমানি জনী ডিপৰাং বৰোগাঁৱৰ অতুল বিশ্বাসৰ কন্যা অমিতা বিশ্বাস বুলি জানিব পৰা গৈছে । অবৈধ ট্ৰেক্টৰ ডাম্পাৰৰ দৌৰাত্মই নিদ্ৰা হৰন কৰিছে অঞ্চলবাসীৰ । ইতিমধ্যে ঘটনাস্থলিত মায়ং আৰক্ষী উপস্থিত হৈ নিহত কণমানি জনীক মৰোনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও জিলা অসামৰিক চিকিৎস্যালয়লৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.