Breaking

কলিয়াবৰৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰত গছপুলি ৰোপণ সামাজিক সংগঠন “প্ৰজন্ম”ৰ ।

0 1,073

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

সাম্প্ৰতিক জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ‍্য ৰাখি সকলো ধৰণৰ ৰাজহুৱা তথা সামাজিকভাৱে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাতিল কৰা হৈছে। সেয়ে বিষ্ণু ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত ব‍্যতিক্ৰমী কাৰ্য‍্যসূচীৰে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।‌ প্ৰজন্ম, The Genaraton এ। কলিয়াবৰৰ এক সামাজিক-সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মই গছপুলি ৰোপণ কৰে কলিয়াবৰৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰত। বিভিন্ন দেশী-বিদেশী, দুষ্প্ৰাপ‍্য পক্ষীৰ বিচৰণস্থলী তথা থলুৱা মাছৰ আশ্ৰয়স্থলী জয়সাগৰ দলনি সুৰক্ষাৰ বাবে অনুষ্ঠানটোৱে লৈছে আন কিছু গঠনমূলক পদক্ষেপ। সকলোৰে সহযোগত জয়সাগৰ দলনিৰ পশু-পক্ষী নিধন বন্ধ কৰা, জয়সাগৰৰ লগতে কাষৰীয়া স্থানত প্লাষ্টিকৰ ব‍্যৱহাৰ বন্ধ কৰা, যান-বাহনৰ আহ-যাহ বন্ধ কৰি খোজ কাঢ়ি অহা-যোৱা কৰাৰ বাবে অনুষ্ঠানটোৱে সকলোকে আহ্বান জনায়। আজিৰ গছপুলি ৰোপণ কাৰ্য‍্যসূচীত উপস্থিত থাকি কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে গছপুলি ৰোপণেৰে কাৰ্য‍্যসূচীৰ শুভাৰম্ভণী কৰে। প্ৰজন্মই জয়সাগৰ দলনিৰ কাষত পক্ষীৰ জিৰণি আৰু খাদ‍্যৰ বাবে চেলেংসহ প্ৰায় দুই-শতাধিক গছপুলি ৰোপণ কৰে। ইতিমধ‍্যে প্ৰজন্মই লুইতৰ চাপৰিত স্থানীয় যুৱকৰ সহযোগত কৃষি-কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ এক উদাহৰণ দাঙি ধৰিছে। তদুপৰি, লকডাউনৰ সময়ত কলিয়াবৰ মহকুমা প্ৰশাসন আৰু অধিবিদ‍্যা পৰিষদৰ সহযোগত ‘অনলাইন ক্লাছ’ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ পাঠ‍্যক্ৰম আগবঢ়াই নিয়াত প্ৰশংসনীয় ভূমিকা লৈছিল।

Leave A Reply

Your email address will not be published.