Breaking

বজালীত ২০ বছৰীয়া সংগ্ৰামৰ অন্তত ৰাইজৰ বাবে মুকলি সাংস্কৃতিক প্ৰেক্ষাগৃহ

0 60

বজালী জিলাৰ দক্ষিণ বজালী ৰাইজৰ প্ৰায় ২০ বছৰীয়া সংগ্ৰামৰ অন্তত ৰাইজৰ বাবে মুকলি কৰা হয় এটি সাংস্কৃতিক প্ৰেক্ষাগৃহ৷  দক্ষিন বজালীৰ বৰগাণ্ডুবীত প্ৰায় ত্ৰিশ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটো  নিৰ্মাণৰ উদ্যোগ গ্ৰহন কৰিছিল সেই সময়ৰ আছুৰ কাৰ্যালয় সম্পাদক  তথা বিশিষ্ট সমাজ কৰ্মী ফনী পাঠক , স্হানীয় ৰুপজ্যেতি মিলন সংঘৰ আৰু অঞ্চলটোৰ ৰাইজে৷

আটক ধুনীয়াকৈ নিৰ্মান কৰা অঞ্চলটোৰ এক অন্যতম  প্ৰেক্ষাগৃহ হিচেপে পৰিচয় লাভ কৰা  শিৱ পূজাৰ দিনাই এক মাংগলিক অনুষ্ঠানৰ মাজেৰে বজালী জিলাৰ দক্ষিণ বজালীৰ বৰগাণ্ডুবিৰ চকত  মুকলি কৰা হয় ৷ সাংস্কৃতিক প্ৰেক্ষাগৃহ অঞ্চলটোৰ ৰাইজৰ অৰ্থনিতিক -সাংস্কৃতিক দিশত এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হল বুলি জানিবলৈ দি প্ৰাক্তন ছাত্ৰ  ফনী পাঠকে কয় অঞ্চলটোৰ আবেগ অনুভূতি বিজৰিত হৈ থকা এই  প্ৰেক্ষাগৃহটোৰ  যোগেদি অঞ্চলটো বিভিন্ন নাট সভা ভাওনা আদি  সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও বিয়া -সবাহ উৎসৱ পাৰ্বন আদি সমাপন কৰিব পৰা যাব বুলি ব্যক্ত কৰে

এটা সময়ৰ প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰাক্তন মুুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোবালৰ বদন্যতাৰ কথাও উল্লেখ কৰে ছাত্ৰ নেতা গৰাকীয়ে৷উল্লেখ যে বৰগাণ্ডুবীৰ শিৱ মন্দিৰ সমীৰৰ সমীপত নিৰ্মাণ কৰা গৃহটোৱে ব্যৱসায় বাণিজ্যত এক উল্লেখ যোগ্য ভুমিকা গ্ৰহন কৰিব বুলি অঞ্চলটোৰ ৰাইজ আশাবাদী ৷ ২০ বছৰীয়া সংগ্ৰামে বাস্তৱ ৰুপ পোবা এই  মুকলি অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি  দশৰথ তালুকদাৰ গাঁওবুঢ়া কুমুদ দাস  ৰবিৰাম পাঠক গাৰ্গৰাম হালৈ  দিপক হালৈ ,চিত্ৰ ৰাণী ডেকা আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.