Breaking

দক্ষিণ এছিয়াত ভাৰতক এঘৰীয়া কৰাৰ কৌশল : চীনৰ পৰা ৰপ্তানি হোৱা ৫১৬১টা পণ্যৰ শুল্ক দিব নালাগে বাংলাদেশে ।

0 973

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

লাডাখত ভাৰতৰ সৈতে সীমান্তত সংঘৰ্ষ বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত ৰখা চীনে বাংলাদেশৰ লগত নতুন প্ৰক্ৰিয়াৰে কামত নামিছে৷ প্ৰধানকৈ বাণিজ্যিক দিশত ধন এৰি দি বাংলাদেশৰ কাষ চাপিবলৈ ধৰিছে চীনে৷ শুকুৰবাৰে বাংলাদেশৰ বাবে বিশেষ সুবিধাৰ কথা ঘোষণা কৰিছে চীনে৷ বাংলাদেশলৈ ৰপ্তানি হোৱা অতিৰিক্ত ৫১৬১টা পণ্যৰ শুল্ক দিব নালাগে বুলি কৈছে৷ ইয়াৰ ফলত বাংলাদেশলৈ চীনে ৰপ্তানি কৰা পণ্যৰ ৯৭ শতাংশ শুল্কমুক্তৰ সুবিধা দিলে বেইজিঙে৷ জুলাইৰ প্ৰথম দিনাৰে পৰা নতুন সিদ্ধান্ত কাৰ্যকৰী হ’ব৷ বাংলাদেশ হ’ল একমাত্ৰ প্ৰতিবেশী দেশ, যি নানান সমস্যাৰ মাজতো ভাৰতৰ সৈতে সম্পৰ্ক ৰাখিছে৷ দক্ষিণে শ্ৰীলংকা-মালদ্বীপ, উত্তৰে নেপাল-ভূটান কাৰোৰে লগত উষ্ণ সম্পৰ্ক নাই ভাৰতৰ৷ কূটনীতিবিদসকলৰ মতে এই পৰিস্থিতিৰ পিছত স্পষ্ট হাত আছে চীনৰ৷ প্ৰতিবেশী দেশবোৰৰ লগত সম্পৰ্কত বিষ ধালি দক্ষিণ এছিয়াত ভাৰতক এঘৰীয়া কৰাৰ কৌশল বাস্তৱায়িত কৰিছে চীনে৷ কিছু বছৰ ধৰি বাংলাদেশ হৈ পৰিছে চীনৰ লক্ষ্য৷ ঢাকাৰ প্ৰধান শ্বেয়াৰ বজাৰ চীনৰ হাতৰ মুঠিত৷ আনহাতে এছিয়া পেচিফিক ট্ৰেড এগ্ৰিমেণ্টৰ আওতাত ৩০৯৫টা পণ্যৰ শুল্কমুক্তৰ সুবিধা ভোগ কৰিব বাংলাদেশে৷ এই সকলো মিলি ৮২৫৬টা পণ্যক শুল্কমুক্তৰ সুবিধা দিলে চীনে৷ বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ৰ বিজ্ঞপ্তিত কয় যে অলপ উন্নত দেশ হিচাপে বাংলাদেশক এই সুবিধা দিলে বেইজিঙে ৷

Leave A Reply

Your email address will not be published.