ইউক্ৰেইনত আবদ্ধ হৈ থকা নাজিৰাৰ ফাৰমিন চুলতানা সুকলমে উভতিল স্ব-গৃহলৈ।

ইউক্ৰেইনত যুদ্ধৰ বিভীষিকা ময় দাবানলৰ মাজত আবদ্ধ হৈ থকা নাজিৰা মেজেঙ্গাৰ এই গৰাকী ছাত্ৰী উভতি আহিছে নাজিৰাৰ মেজেঙাৰ স্ব-গৃহলৈ।বুধবাৰে নিশা ২ বজাত স্ব – গৃহত উপস্থিত হয়।চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল।নাজিৰা মেজেঙ্গাৰ নিবাসী পিতৃ আব্দুল কালাম আৰু মাতৃ ফাতেমা বেগমৰ জীয়ৰী ফাৰমিন নাচৰিন চুলতানাই ইউক্ৰেনত ২০১৭ বৰ্ষৰ পৰা MBBS অধ্যয়ন কৰিছিল।নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে ফাৰমিন নাচৰিন চুলতানাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত-বিনিময় কৰে। ইতিমধ্যে ছাত্ৰী গৰাকী নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বিমান যোগেদি আহি বৃহস্পতিবাৰে পুৱা স্ব- গৃহ নাজিৰাত হয় ।

বৰ্তমান ছাত্ৰী গৰাকী স্বাস্থ্য জনীত ভাৱে ভাগৰি পৰিছে । সকলো সময়তে ইউক্ৰেনৰ যুদ্ধৰ বিভীষিকা ময় দৃশ্য ভাঁহি পৰাত শাৰিৰীক অসুস্থ হৈ পৰিছে । ইউক্ৰেনৰ উজগড় বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী ফাৰমিন নাচৰিন চুনতালাই ব্যক্ত কৰা মতে , বৰ্তমানেও ইউক্ৰেনৰ দক্ষিণ প্ৰান্তৰ বিভিন্ন প্ৰান্তত ৫ হাজাৰোধীক ভাৰতৰ ছাত্ৰ – ছাত্ৰী আবদ্ধ হৈ আছে আৰু এওঁলোকক অতি সোনকালে ভাৰত তথা স্ব – গৃহলৈ অনাৰ সূ ব্যৱস্থাৰ গ্ৰহণৰ বাবে আহ্বান জনাইছে।

Related Articles