মাজ সাগৰত সৃষ্টি হোৱা এই ঘটনাত ৪ হাজাৰো অধিক বিলাসী বাহনৰ সৈতে সাগৰৰ মাজত ডুব গ’ল মালবাহী জাহাজ।এই ঘটনা সংঘটিত হৈছে আটলাণ্টিক মহাসাগৰত।আটলান্টিক মহাসাগৰত ডুব গ’ল বিশাল মালবাহী জাহাজ। ১৬ ফেব্ৰুৱাৰী তাৰিখে জাৰ্মানীৰ পৰা ৰ’ড আইলেণ্ডৰ এটা বন্দৰলৈ বিলাসী বাহনসমূহ কঢ়িওৱা সময়তে ফেলিচিটি এছ জাহাখনত সংঘটিত হয় এই অগ্নিকাণ্ড।জাহাজখনত থকা এজন কৰ্মচাৰীয়ে সেই ঘটনা প্ৰকাশ কৰা মতে, মাজ সাগৰত হঠাৎ জাহাজখনৰ কক ডেকত জুই লাগে,তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।
জাহাজখনত থকা কেৱল২২ জন কৰ্মচাৰীয়ে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।জাহাজখনত আছিল কেইবা লাখ ডলাৰ মূল্যৰ পোৰ্চে, বেন্টলী, লেম্বৰ্গিনিৰ দৰে কোম্পানীৰ বিলাসী বাহন আছিল। ফেলিচিটি এচ ইনচিডেণ্ট ইনফৰ্মেচন চেণ্টাৰ সাগৰৰ বুকুত সন্ধানহীন হোৱা জাহাজখনৰ সন্ধান উলিওৱাৰ চেষ্টা চলাইছিল যদিও জাহাজ খন উদ্ধাৰৰ পৰা ব্যৰ্থ হ’ল।