Breaking

নাজিৰাত দুখীয়া শিপিনীলৈ তাঁতশাল।

0 693

নাজিৰা : আজি নাজিৰা এম.চি ক্লাবত “হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ বৃত্তিমুখী আঁচনিৰ অধীনত নাজিৰা সমষ্টিৰ ৩৪ গৰাকী শিপিনীক তাঁতশাল বিতৰণ কৰা হয়। ইয়াৰোপৰি তেখেতসকলক চৰকাৰীভাৱে পাঁচ হাজাৰ টকাকৈ মূলধন হিচাপে দিয়াৰ ব্যৱস্থা হয় । শিৱসাগৰৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক ৰামকৃষ্ণ শৰ্মাৰ নেতৃত্বত বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপস্হিতিত এই তাঁত শালসমূহ বিতৰণ কৰা হয়। নাজিৰা সমষ্টিৰ যিসমূহ পৰিয়ালে তাঁত শালখনকে সাৰথি হিচাপে লৈ উপাৰ্জন কৰি জীৱন-নিৰ্বাহ কৰি আছে, সেইসমূহ পৰিয়ালৰ শিপিনীসকল যাতে স্বনিৰ্ভৰশীল কৰি গঢ় দিয়াৰ উদ্দেশ্যে  এই সহায়ৰ হাত আগবঢ়োৱা হৈছে। এই তাঁতশালৰ যোগেদি  শিপিনীসকল অধিক কাৰ্য্যক্ষম, কৰ্মোদ্যমী হৈ উঠাৰ লগতে পৰিয়ালটো চলি থাকিবৰ বাবেও যথেষ্ট সুবিধা হ’ব বুলি  বিৰোধী দলপতি শইকীয়াই মত প্ৰকাশ কৰে। যিহেতু এই ক’ৰণা মহামাৰীত বহি:ৰাজ্যত কৰ্মৰত বহু যুৱক-যুৱতী অসমলৈ ঘূৰি আহিছে, তেওঁলোকৰ মাজৰ যুৱতীসকলে যদি বিশেষকৈ তাঁত শালৰ জৰিয়তে কাপোৰ বৈ মেলি, ইয়াক বৃত্তি হিচাপে লৈ নিজৰ কৰ্মদক্ষতাৰে আগবাঢ়ি যাব পাৰে তেন্তে নিশ্চয় তেওঁ লোক স্বাৱলম্বী হ’ব পাৰিব। এই অনুষ্ঠানত শিৱসাগৰ হস্ততাঁত বিভাগৰ বিষয়া কুমুদ ৰঞ্জন দুৱৰাৰ লগতে বিধায়ক দেৱব্ৰত শইকীয়াৰ সহধৰ্মিনী বন্দনা শইকীয়া, অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত নাজিৰাৰ নাফুক গ্ৰাম্য সংগঠনৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোহাঁই আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্হিত থাকে।

Leave A Reply

Your email address will not be published.