অগপৰ দুৰ্গ বঙাইগাঁৱত আজি পুনৰ শক্তি প্ৰদৰ্শন কৰিলে বিধায়ক ফণীভূষণ চৌধুৰীয়ে৷ আজি পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা অগপ দলে বঙাইগাঁও চহৰত উলিয়ায় এক বৃহৎ সমদল ৷ পৌৰসভা এলেকাৰ বিভিন্ন ৱাৰ্ডৰ দলীয় প্ৰাৰ্থীসকলক লগত লৈ উলিওৱা সমদলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ ইপিনে দলটোৰ প্ৰতি থকা ৰাইজৰ সমৰ্থন দেখি আৱেগিক হৈ পৰে বিধায়ক ফণীভূষণ চৌধুৰী ৷ আৱেগিক হৈ পৰা বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম গণ পৰিষদৰ লগত সদায় নাৰী শক্তি আছে আৰু আজি তাৰেই প্ৰতিফলন ঘটিছে ৷ মোৰ প্ৰতি যি আস্থা, মোৰ প্ৰতি যি বিশ্বাস সেয়া দেখি মই আজি নিজেই অভিভূত হৈ পৰিছো ৷ সঁচাই বঙাইগাঁওবাসী ৰাইজ অসম গণ পৰিষদ দলৰ লগত আছে আৰু সঁচাই বঙাইগাঁওবাসী ৰাইজে মোক আস্থা আৰু বিশ্বাসত লৈছে ৷ তাৰ কাৰণে মই বঙাইগাঁওবাসী ৰাইজ তথা নাৰী শক্তিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো ৷
ৰাইজৰ এই সমৰ্থনে আঞ্চলিকতাবাদৰ এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়ে সমগ্ৰ অসমত আঞ্চলিকতাবাদ শক্তিটো যে উত্থান হ’ব তাৰ এয়া আগ জাননী দিছে বুলিও কয় ৷ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনাও দৃঢ়তাৰে কয় যে যোৱাবাৰ আমি যি ২০ খন আসন লাভ কৰিছিলো তাতকৈ এইবাৰ এখনো কম নাপাও ৷ অগপ বিধায়কগৰাকীয়ে কয় যে বঙাইগাঁৱত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিভিন্ন মন্ত্ৰী, বিধায়ক, অমুক -তমুক আহিছে ৷ কিন্তু ইয়াত বঙাইগাঁওবাসী ৰাইজৰ স্থানীয় যিটো উন্নয়ন আৰু স্থানীয় লোকৰ যি আৱেগ, সেই আৱেগ এতিয়াও আঞ্চলিকতাবাদৰ সপক্ষে আছে আৰু তাৰেই প্ৰতিফলন আজিৰ এই শোভাযাত্ৰাত ঘটিছে ৷ অসম গণ পৰিষদ দল মানে ইয়াত কেৱল ফণীভূষণ চৌধুৰী নহয় ৷ অসম গণ পৰিষদ দলৰ বঙাইগাঁৱৰ মাত্ৰ মই এটা প্ৰতীকহে ৷ মোৰ লগত হেজাৰ হেজাৰ ৰাইজ আছে আৰু তাৰেই আজি ইয়াত প্ৰতিফলন ঘটিছে ৷ তেওঁ ৰাইজলৈ আহ্বান জনাই কয় যে আমি ঐক্যবদ্ধ হ’ব লাগিব, আমি আঞ্চলিকতাবাদক শক্তিশালী কৰিবই লাগিব আৰু আমি আমাৰ উন্নয়ন নিজেই কৰিব লাগিব ৷
উল্লেখ্য যে এইবাৰ অগপৰ দুৰ্গ খ্যাত বঙাইগাঁৱৰ পৌৰসভাখন দখলৰ বাবে উঠি পৰি লাগিছে মিত্ৰ দল বিজেপি ৷ দুয়োটা দলে অকলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত নিৰ্বাচনী যুঁজখন এইবাৰ আকৰ্ষণীয় হৈ পৰিছে বঙাইগাঁওবাসীৰ বাবে ৷ বিজেপিৰ হৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, বিজেপি নেতা সুভাষ দত্ত, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য পাৰিষদ আদিয়ে বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই একপ্ৰকাৰ অগপ দলক আতংকিত কৰি তোলে ৷ বিজেপিৰ এটাই লক্ষ্য যি কোনো প্ৰকাৰে বঙাইগাঁও পৌৰসভা দখল কৰিব লাগে ৷ কিন্তু নিৰ্বাচনী প্ৰচাৰেৰে চমক সৃষ্টি কৰা বিজেপিৰ প্ৰতি ভোটাৰ ৰাইজ কিমান আকৰ্ষিত হ’ল সেয়া নিৰ্বাচনৰ ফলাফলেহে ক’ব ৷ উল্লেখ্য যে বিজেপি দলে এইবাৰ বিশেষভাৱে যিসমূহ ৱাৰ্ডত বঙালীভাষী লোক আছে সেই ৱাৰ্ডসমূহত উঠি পৰি লগা পৰিলক্ষিত হ’ল ৷
বঙালীভাষী ভোটাৰ ৰাইজক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে বঙাইগাঁৱত আহি বাহৰ পাতি থাকি সেই ৱাৰ্ডসমূহত দিনে নিশাই প্ৰচাৰ চলাই অগপক ভেটা দিবলৈ কোনো সুযোগ নেৰিলে ৷ কিন্তু এইক্ষেত্ৰত কিমান সফল হয় সেয়া নিৰ্বাচনৰ ফলাফলত ওলাই পৰিব ৷ ইয়াৰ বিপৰীতে অগপৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাঁৱত অগপৰ প্ৰাৰ্থীসকলৰ হৈ বিধায়কগৰাকীয়ে অকলেই নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হ’ল ৷ নিজৰ দুৰ্গত নিজেই প্ৰচাৰৰ নেতৃত্বলৈ নিজৰ ৰণকৌশলেৰে স্বাভাৱসুলভভাৱে প্ৰচাৰ চলালে বিধায়কগৰাকীয়ে ৷ এনে অৱস্থাত বিজেপি দলে অগপৰ দুৰ্গত কিমান আঘাত হানিবলৈ সক্ষম হয় সেয়া সময়ত পৰিস্কাৰ হ’ব যদিও এইবাৰ নিৰ্বাচনী যুঁজখন দুই দলৰ বাবে আত্মসন্মানৰ যুঁজ হৈ পৰিছে ৷ উল্লেখ্য যে অগপ দলে আজি প্ৰতিটো ৱাৰ্ডতে প্ৰাৰ্থীসকলৰ হৈ সমদল উলিয়াই ভোটাৰ ৰাইজৰ পৰা সমৰ্থন বিচাৰে ৷ সেইদৰে বিজেপিৰ যুৱ মৰ্চাই মটৰ চাইকেল সমদল উলিয়ায় ৷