উৰিষ্যাৰ জংঘলত বিৰল প্ৰজাতিৰ ব্লেক বেঙ্গল টাইগাৰ..

উৰিষ্যাৰ জংঘলত দেখা পোৱা গৈছে এক বিৰল প্ৰজাতিৰ ব্লেক বেঙ্গল টাইগাৰ। সৌমেন বাজপেয়ী নামৰ এজন অপেছাদাৰী ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দী হৈছে এই বিৰল প্ৰজাতিৰ বাঘটো। অন্য বাঘতকৈ সম্পূৰ্ণ পৃথক এই বাঘটো। এই বিৰল বাঘটো কেৱল উৰিষ্যাৰ অৰণ্যতহে পোৱা যায়। বেংগল টাইগাৰৰে এক প্ৰজাতি হল ব্লেক বেঙ্গল টাইগাৰ। মেলানিষ্টিক জন্তুবোৰৰ ভিতৰত মেলানিষ্টিক বাঘো অবিশ্বাস্যভাবে বিৰল। ইয়াৰ ফটো লোৱাটো ৱাইল্ডলাইফ ফটোগ্ৰাফাৰবোৰৰ বাবে এক সপোন। যিটো সপোন সৌমেণ বাজপেয়ীৰ পূৰণ হল।

তেওঁ কয়… “প্ৰথমে মই অলপ হতবাক হৈছিলো কিন্তু পিছত মই উত্তেজিত হৈ পৰো”। কাৰণ তেওঁ এখন মূল্যবান ফটো তোলাৰ বাবে সুযোগ পাইছিল। ৰাজকীয় বাঘটো কেৱল কেইটামান ছেকেণ্ডৰ বাবেহে তেওঁৰ কেমেৰাত বন্দী হৈছিল। তেওঁ গছবোৰত চৰাই চাই আছিল তেনেতে কিবা এটা দেখিছিল যিটো বাঘৰ দৰে দেখিছিল কিন্তু সেইটো সাধাৰণ বাঘ নাছিল”। ব্লেক বেঙ্গল টাইগাৰ কেৱল ভাৰততে নহয় সমগ্ৰ পৃথিৱীতে বিৰল।

Related Articles