Breaking

বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত অশ্লীল মন্তব্য দিয়া যুৱকক গ্ৰেপ্তাৰ ।

0 916

নগাঁও :  ৰাজ্যত  চাইবাৰ অপৰাধীৰ সক্ৰিয়তা দিনক দিনে বৃদ্ধি পাই অহাৰ মাজতে এইবাৰ চাইবাৰ অপৰাধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে জনপ্ৰতিনিধি। বিশেষকৈ চ’ছিয়েল মিডিয়া ফেচবুকত একাংশ লোকে নীতিবহির্ভূত মন্তব্যৰে  জনপ্ৰতিনিধিক আক্ৰমণ কৰা কৰা কার্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে । ফেচবুকত  অশ্লীল মন্তব্যৰে জনপ্ৰতিনিধিক আক্ৰমণ কৰা এক ঘটনাক লৈ নগাঁও জিলাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয় ।জানিব পৰা মতে, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই  ২০ জুনত  নিজ সমষ্টিত  কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন , ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগা এটি পকী পথৰ আধাৰশিলা স্থাপন আৰু স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাৰ আশু আৰোগ্য কামনাৰে  প্ৰাৰ্থনা জনাই কালি নিজৰ ফেচবুক একাউণ্টত আপলোড কৰিছিল এটা পষ্ট। কিন্তু বিধায়িকা গৰাকীৰ উক্ত পষ্টত ”আন্ধাৰৰ আঁৰত জোনাকী ” নামৰ এটা ভুৱা একাউণ্টৰ পৰা বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে সীমা চেৰাই যোৱা অশ্লীল মন্তব্য  কৰা দেখা যায় । তাৰ পিছতেই সেই ফেচবুক পেইজটোৰ বিৰুদ্ধে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত বিধায়িকা গৰাকীৰ শুভাকাংক্ষী ভাস্কৰ জ্যোতি বৰা নামৰ এজন যুৱকে এজাহাৰ দাখিল কৰে ।  লগে লগে আৰক্ষী  প্ৰশাসনে ভাৰতীয় দ্বন্দ্ববিধি আইনৰ ২৯৪/৪৫৪(এ)/৩৫৪(ডি) ধাৰাত ১৪৭৮/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি  নিশাৰ ভিতৰতে ভুৱা  ফেচবুক একাউণ্টট  চলোৱা দুই যুৱকক আটক কৰে। আৰক্ষীয়ে আটক কৰা যুৱকদ্বয় ধিঙৰ ডুমডুমীয়াৰ অভিনন্দন নাথ আৰু পুৰণি গুদাম আউনীআটীৰ গম্ভীৰ বৰা বুলি জানিব পৰা গৈছে। পাচত নগাঁও সদৰ থানাত আৰক্ষীয়ে অভিযুক্ত দুই যুৱকক  মাৰাথন জেৰা চলোৱাৰ অন্তত অভিনন্দন নাথক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। আনহাতে আনজন যুৱক গম্ভীৰ বৰাক সোধ-পোছৰ অন্তত আৰক্ষীয়ে মুকলি কৰি দিয়ে বুলি আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা গৈছে । উল্লেখ্য যে এগৰাকী মহিলা জনপ্ৰতিনিধিক এনেদৰে ছচিয়েল মিডিয়াত হেয় প্ৰতিপন্ন কৰাক লৈ সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

Leave A Reply

Your email address will not be published.