Breaking

৫ ৰাজ্যৰ ৪ খনতে বিজেপিৰ চৰকাৰ! পঞ্জাৱত আপৰ জয়জয়কাৰ….

0 2,056

৫ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ভোটগণনাৰ এতিয়াও অন্ত পৰা নাই যদিও পঞ্জাৱত আপে চৰকাৰ গঠন কৰাটো নিশ্চিত। ৰাজ্যখনত আপে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে। ১১৭ খন আসনৰ ভিতৰত পঞ্জাৱে প্ৰায় ৯০ খন আসন লাভ কৰিছে।একেদৰে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ আধাৰত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। উত্তৰ প্ৰদেশত বিজেপি ২৪৬ খন আসনত আগবাঢ়ি আছে। সমাজবাদী পাৰ্টী আগবাঢ়ি আছে ১২০ খন আসনত। আনহাতে উত্তৰাখণ্ডত ৪৮ খন আসনত আগবাঢ়ি আছে বিজেপি।

উত্তৰাখণ্ড বিধানসভা দখলৰ বাবে প্ৰয়োজন ৩৬ খন আসনৰ। সেই অনুসৰি উত্তৰাখণ্ডত বিজেপিয়ে সংখ্য়াগৰিষ্ঠতাৰ আধাৰত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। উত্তৰ প্ৰদেশ বিধানসভাৰ বাবে প্ৰয়োজন ২০২ খন আসন। বিজেপিয়ে ৰাজ্যখনত যিহেতু ২৪৬ খন আসনত আগবাঢ়ি আছে গতিকে বিজেপিয়েও একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে।একেদৰে গোৱা আৰু মণিপুৰতো চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি। গোৱাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হয় ২১ খন আসনৰ। ভোটগণনা অনুসৰি বিজেপি ২০ খন আসনত আগবাঢ়ি আছে। ইতিমধ্যে ৰাজ্যখনৰ ৭ খন আসনত বিজেপিৰ প্ৰাৰ্থীয়ে আনুষ্ঠানিক ভাৱে জয় লাভ কৰাৰ কথা ঘোষণা কৰা হৈছে। একেদৰে কংগ্ৰেছৰ ৩ জন প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰা হৈছে।

ভোটগণনা অব্যাহত থকাৰ মাজতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে চৰকাৰ গঠন কৰিবলৈ সন্ধিয়া ৰাজ্যপালক সাক্ষাত কৰিব বুলি প্ৰকাশ কৰিছে। একেদৰে মণিপুৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩১ খন আসন। বৰ্তমানলৈকে বিজেপিয়ে ৫ খন আসনত জয় লাভ কৰাৰ লগতে কংগ্ৰেছে ৩ খন আৰু নেচনেল পিপলছ পাৰ্টীয়ে ১ খন আসনত বিজয় সাব্যস্ত কৰিছে।ৰাজ্যখনত বৰ্তমানলকৈ বিজেপি ২০ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ ৫ খন আসনত আগবাঢ়ি আছে। সেই অনুসৰি ৰাজ্যখনত বিজেপিয়ে আটাইতকৈ বেছি আসন লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.