ভাৰত – বাংলাদেশ সীমান্তত ১৯  বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ নাগৰিক কাৰ্যক্ৰম

ভাৰত – বাংলাদেশ সীমান্তৰ  টিস্তাৰপাৰ ঘিউমাৰী চৰত ১৯  বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত  হয় ।ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ টিস্তাৰপাৰ ঘিউমাৰী চৰ বালাডোবাত ১৯  নং বেটলিয়ন  সীমান্ত সুৰক্ষা বাহিনীৰ এখন নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত হয় ।অনুষ্ঠানৰ আৰম্ভনিতে সীমান্ত সুৰক্ষা বাহিনীৰ চি ও ৱে অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে কমান্ডেন্ট ১৯ বেটলিয়নৰ সীমান্ত সুৰক্ষা  কমান্ডাডিং বিষয়াসহ শীৰ্ষ বিষয়াসকল৷এই অনুষ্ঠানত  লক্ষ্যাধিক টকাৰ বস্তু সামগ্ৰী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে । স্কুলীয়া ছাত্ৰ -ছাত্ৰী সকলৰ বাবে বহী কলম পেন্ছিলসহ বিভিন্ন সামগ্ৰীৰ লগতে , ফুটবল, ভলিবল সহ বিভিন্ন লাগতিয়াল বস্তুবিতৰণ কৰি আহিছে  ।

এইবেলিভোগডৰবালাডোবা,টিস্তাৰপাৰ ঘিউমাৰী অন্চলৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকললৈ আগবাঢ়োৱা উপহাৰ লৈ গাওঁ বাসীয়ে ধন্যবাদ জনায়৷এনে ধৰনৰ নাগৰিক কাৰ্যক্ৰম প্ৰতিবছৰে সীমান্ত সুৰক্ষা বাহিনীৰ ফালৰ পৰা কৰা হয়  আৰু এইবেলি ইয়াৰো ব্যতিক্ৰম নহয় CIVIC ACTION ,তাক লৈ BSF য়ে এইদৰে কয়৷।

Related Articles