বন্যপ্ৰাণীৰ জীৱন আৰু বনজ সম্পদৰ প্লাষ্টিকে কি ভয়াৱহ সংকট কঢ়িয়াই আনিছে, তাৰ নিদৰ্শন দেখা পোৱা গৈছে গোলাঘাট জিলাৰ নুমলীগড়ৰ দেওঁপাহাৰ সংৰক্ষিত বনাঞ্চলত৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ যদিও এই বনাঞ্চলক লৈ চূড়ান্ত ভেঙুচালী কৰিছে বন বিভাগৰ এচাম বিষয়া আৰু কৰ্মচাৰীয়ে। মুক্তভাৱে এচাম অসাধুৱে প্লাষ্টিকৰ আৱৰ্জনা পেলাইছে দেওপাহাৰত আৰু এই আৱৰ্জনা ভক্ষণ কৰিছে বন্যপ্ৰাণীয়ে। দেওপাহাৰৰ হাতীৰ পেটৰ পৰা বৰ্জিত পদাৰ্থৰ লগত বৃহৎ পৰিমাণৰ পলিথিন ওলোৱা খৱৰে হতবম্ব কৰি তুলিছে৷
অন্যহাতে গোলাঘাটৰ ৰাইজৰ দীৰ্ঘদিনৰ দাবীৰ প্ৰতি আংশিক সঁহাৰি জনাই দেওপাহাৰক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ পৰা সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা দিয়া হৈছিল যদিও দেওপাহাৰলৈ প্ৰকৃতাৰ্থত একো পৰিৱৰ্তন নাহিল৷দেওঁপাহাৰৰ তিনিও দিশে নতুনকৈ গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান তথা বজাৰৰ পৰা সকলো বৰ্জিত পদাৰ্থ পেলাবৰ বাবে গোলাঘাট জিলা প্ৰশাসনে যেন ডাম্পিং গ্ৰাউণ্ড হিচাপে দেওঁপাহাৰ সংৰক্ষিত বনাঞ্চলকে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ব্যৱসায়ীসকলক৷প্ৰশাসনৰ চকুৰ সমুখতে দেওঁপাহাৰৰ কাষৰীয়া বজাৰৰ বৰ্জিত পদাৰ্থবোৰ পেলাবলৈ ডাম্পিং গ্ৰাউণ্ড হিচাপে সকলোৱে ব্যৱহাৰ কৰি আহিছে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক৷
বন্যপ্ৰাণীৰ বিচৰণভূমিত জাৱৰ পেলোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ কোনো নিষেধাজ্ঞা আৰু নিৰ্দেশনা নাই৷ আনহাতে কাষতেই নুমলীগড় বন খণ্ডৰ কাৰ্যালয়টো থকা স্বত্বেও দেওঁপাহাৰ সংৰক্ষিত বনাঞ্চললৈ দৃষ্টি দিবলৈ আহৰি নাপায় কোনো বনকৰ্মীয়ে৷ বন বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত বন কৰ্মীসকল ব্যস্ত কেৱল চৌদিশে চলি থকা অবৈধ বালি খননৰ পৰা কমিশ্যন সংগ্ৰহত৷ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত প্লাষ্টিক-জাবৰ আদি পেলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ভাবিবলৈ আহৰি নাই বিয়াগোম বন বিভাগটোৰো৷দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক জিলা প্ৰশাসন আৰু বন বিভাগে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হ’বলৈ এৰি দিয়াটোৱে সচেতন মহলৰ চকু কপালত তুলিছে৷