নাজিৰা : নাজিৰাত ভয়ংকৰ ৰূপত বাঢ়ি অহা দিখৌ নৈৰ বাঢ়নি পানীক লৈ আতংকিত হৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতি আৰু নাজিৰা আঞ্চলিক সমিতিয়ে আজি নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীক স্মাৰক পত্ৰ প্ৰদান কৰে। ধাৰাবাহিক ভাৱে যিদৰে নাজিৰাত দিখৌ নৈৰ পানীয়ে ভয়ংকৰ পৰস্হিতিৰ সৃষ্টি কৰিছে তাক লৈ আজি সমগ্ৰ অঞ্চলটোৱে আতংকিত হৈ পৰিছে। হঠাৎ ফেনে ফুটুকাৰে বাঢ়ি অহা দিখৌ নৈৰ পানীয়ে গোটেই অঞ্চলটো পানীৰে একাকাৰ কৰি পেলাইছে। কেন্দুগুৰী, চন্টক, ওপৰ নাজিৰা, সোন্দৰ পুখুৰী, বাউলী মৈদাম, বামুণ পুখুৰী, শিমলুগুৰি আৰু নাজিৰা নগৰকে ধৰি নৈৰ দাঁতি-কাষৰীয়া বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ ফলত জনসাধাৰণৰ যথেষ্ট সা-সম্পত্তি, খেতি পথাৰ ক্ষতিগ্ৰস্ত হোৱাৰ সমান্তৰাল ভাৱে গড়াখহনীয়াৰ ফলত পৰিয়ালৰ ঘৰ বাৰী নদীৰ বুকুত জাহ গৈছে। ফলস্বৰূপে বহু পৰিয়াল আশ্ৰয়হীন হৈ পৰিছে। ইয়াৰোপৰি দিখৌ নদীৰ গড়াখহনীয়া আৰু বানপানীয়ে নাজিৰা মূল নগৰলৈকো ভাবুকি কঢ়িয়াই আনিছে। যিকোনো মূহুৰ্ততে দিখৌ নদীৰ বাঢ়নি পানীয়ে নাজিৰা নগৰত বিভীষিকাৰ সৃষ্টি কৰিব পাৰে বুলি শংকা প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিষয় ববীয়াসকলে মহকুমাধিপতিক সাক্ষাৎ কৰি দিখৌ নদীয়ে যিকেইটা অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে উক্ত অঞ্চলসমূহ পৰ্য্যবেক্ষণ কৰি সাধাৰণ জন জীৱন আৰু সম্পত্তি সুৰক্ষাৰ স্বাৰ্থত এক উচিত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত আৰু আশ্ৰয়হীন হোৱা পৰিয়ালক উচিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিবৰ বাবে দাবী জনায়। বানাপিড়ীত অঞ্চলসমূহত উপস্হিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌতম গগৈয়ে মন্তব্য প্ৰকাশ কৰে যে এই মুখালধাৰ বৰষুণৰ ফলত বাঢ়ি অহা দিখৌ পানীয়ে আজি এই অঞ্চলৰ লোকসকলক চিন্তিত কৰি তুলিছে সেয়ে এইক্ষেত্ৰত শিৱসাগৰ প্ৰশাসনৰ লগতে নাজিৰা প্ৰশাসনে বিহীত ব্যৱস্থা গ্ৰহণ কৰি বিজ্ঞান সন্মত ভাৱে মথাউৰি নিৰ্মাণ কৰি এই গৰাখহনীয়া ৰোধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য্য প্ৰদান কৰিব লাগে আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনেও এই অঞ্চল পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মত পোষণ কৰে। গৌতম গগৈৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দাদুল নেওঁগ, প্ৰচাৰ সম্পাদক ভাস্কৰ জ্যোতি মহন্ত, নাজিৰা আঞ্চলিক সমিতিৰ উপদেষ্টা বিকি বৰচেতিয়া, সভাপতি বুবলু দত্ত আৰু সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকা উপস্হিত থাকে।