বিগত বৰ্ষৰবোৰৰ দৰে এইবৰ্ষতো চিলাপথাৰত চলিছে বিহুৰ কৰ্মশালা।

বহাগ বিহু সমাগত । বিগত বৰ্ষৰবোৰৰ দৰে এইবৰ্ষত চিলাপথাৰত চলিছে বিহুৰ কৰ্মশালা। দুইশতাধিক শিক্ষাৰ্থীৰ যোগদান অসমীয়াৰ হেঁপাহৰ বহাগ বিহুলৈ মাজত মাথো এটা মাহ বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে এতিয়া হেঁপাহৰ বহাগ বিহুক আদৰাৰ ব্যাপক প্ৰস্ততি। বিহুৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে এতিয়া নাচনী , ঢুলীয়া সকল। এই দৃশ্য চিলাপথাৰ অসমী সংঘৰ বাকৰিৰ । দহদিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ, ঢোল বাদন আৰু পেঁপা বাদনৰ কৰ্মশালা ।চিলাপথাৰ বিহুৱা শিল্পী সমাজ, অসমী সংঘ আৰু পূৰ্বজ্যোতি সংঘৰ যৌথ উদ্যোগত চিলাপথাৰ অসমী সংঘৰ বাকৰিত দহদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা। উদ্যোক্তাসকলে জনোৱা মতে বৰ্তমানলৈকে ২০০ শ ৰো অধিক কণ কণ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।

চিলাপথাৰৰ জনপ্ৰিয় বিহুৱা দিপক গগৈৰ নেতৃত্বত আৰু ঢোলবাদক বিনন্দ বৰুৱা,জগত কোঁৱৰ,লিখন গগৈ,সঞ্জীৱ ৰাজকোঁৱৰ সহযোগত চলি আছে কৰ্মশালা। অতিথি প্ৰশিক্ষক হিচাপে উপস্থিত আছে ডি ৱাই বিহুৰাণী ২০২১ খিতাপ প্ৰাপক নৃত্যাংগণা নগাঁওৰ নিৰ্জুমা কাকতি। অসমৰ জাতীয় পৰিচয়স্বৰূপ বিহু বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিহু কমিটিক উদযাপনৰ বাবে ডেৰলাখকৈ টকা চৰকাৰী অনুদান ঘোষনাক আদৰণি জনায় বিহুৰাণী গৰাকীয়ে।

Related Articles