কি কাৰণে কাজিৰঙালৈ আহিব অভিনেতা অক্ষয় কুমাৰ?

কাজিৰঙালৈ আহিব এইবাৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয়ে দিছিল ১ কোটি টকা। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাই।

টুইটাৰত আমন্ত্ৰণ জনোৱাৰ পাছতেই টুইটাৰত ৰিপ্লাই অক্ষয় কুমাৰৰ। শীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি টুইট কৰে অভিনেতা অক্ষয় কুমাৰ। টুইটযোগে অভিনেতাগৰাকীৰ সঁহাৰি। শীঘ্ৰে কাজিৰঙা ভ্ৰমণৰ কথা প্ৰকাশ কৰে অক্ষয় কুমাৰে।

Related Articles