সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত হু’নাৰ হাটৰ

যোৱা ১১ মাৰ্চত গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত হুনাৰ হাটৰ এক সুন্দৰ আৰম্ভণি হয়। হুনাৰ হাটৰ এই ৩৮ তম সংস্কৰণৰ আজি সামৰণি পৰে। এই হুনাৰ হাটত, ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ শিল্পী, শিল্পকাৰ আৰু কাৰিকৰসকলে ৩০০টা শিল্প আৰু ৰন্ধনপ্ৰণালীৰ বিপণী স্থাপন কৰিছিল। জনসাধাৰণে বিগত ১০টা দিনত বহু সামগ্ৰী ক্ৰয় কৰিছে আৰু সকলো শিল্পী আৰু কাৰিকৰক উৎসাহিত কৰিবলৈ অনলাইনত বৃহৎ সংখ্যক অৰ্ডাৰ বুক কৰিছে। ফুড ক’ৰ্টত সমগ্ৰ দেশৰ পৰম্পৰাগত সুস্বাদু খাদ্যও উপভোগ কৰে জনসাধাৰণে। ইয়াৰ উপৰিও, মঞ্চত সংগীত আৰু সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয়। শিল্পীসকলেও দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে। জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, দিক্ষু শৰ্মা, মহালক্ষ্মী আয়াৰ, উপাসনা সিং, জুনিয়ৰ মেহমুদ, সুদেশ ভোচলে, অমিত কুমাৰ, সুৰেশ ৱাডকাৰ আৰু অন্যান্য শিল্পীসকলে গুৱাহাটীৰ লোকসকলক মনোৰঞ্জন প্ৰদান কৰে।
গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে হুনাৰ হাটৰ আয়োজন কৰে। হুনাৰ হাটক সৰ্বাধিক সমৰ্থন প্ৰদান কৰি সফল কৰি তোলাত গুৱাহাটী, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এক বৃহৎ ভূমিকা পালন কৰে। হুনাৰ হাটৰ অন্তিম দিনটোত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে হুনাৰ হাট উপলক্ষে স্থপতি জনসাধাৰণলৈ এক ভিডিঅ’ বাৰ্তা মুকলি কৰে আৰু তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে।


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আৰু কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিৰ নেতৃত্বত দেশৰ বিভিন্ন চহৰত আয়োজিত হ’বলগীয়া হুনাৰ হাটে লক্ষাধিক শিল্পী, শিল্পকাৰ, কাৰিকৰক বজাৰ আৰু কৰ্ম সংস্থাপন প্ৰদান কৰিছে। “ভ’কেল ফ’ৰ লোকেল” মন্ত্ৰৰ সৈতে অনুষ্ঠিত হোৱা হুনাৰ হাট হৈছে “এক ভাৰত শ্ৰেষ্ঠ ভাৰত”ৰ এক জীৱন্ত উদাহৰণ। হুনাৰ হাট গুৱাহাটীৰ পূৰ্বে ৩৭ খন চহৰত আয়োজন কৰা হৈছে। পৰৱৰ্তী হুনাৰ হাট অৰ্থাৎ ৩৯তম হুনাৰ হাট চণ্ডীগড়ত ২৫ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ অনুষ্ঠিত হ’ব।

Related Articles