বৃহত্তৰ লাহোৱাল অঞ্চলত মুকলি Grihalakshmi health care centre নামৰ প্ৰতিষ্ঠান

বৃহত্তৰ লাহোৱাল অঞ্চলৰ বাবে কঢ়িয়াই আনিছে সুখবৰ।তিনিগৰাকী উদ্যোমী যুৱকৰ প্ৰচেষ্টাত Grihalakshmi health care centre নামৰ প্ৰতিষ্ঠানটোৰ যোগেদি লাহোৱালত পোন প্ৰথম বাৰ বাবে শুভাৰম্ভ কৰিছে ফিজিঅথেৰাপী কেন্দ্ৰ । লাহোৱালত ফিজিঅথেৰাপী কেন্দ্ৰটো শুভাৰম্ভ কৰা অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি এই কেন্দ্ৰটোৱে অনাগত দিনত বৃহত্তৰ লাহোৱালৰ গ্ৰাম্য প্ৰধান অঞ্চলৰ বহু ৰোগী ৰোগমুক্ত কৰা ক্ষেত্ৰখনত আশা ব্যঞ্জক সহাঁৰি যোগাব বুলি আশা প্ৰকাশ কৰে ।

তদুপৰি কেন্দ্ৰটোৰ পৰিচালনা সঞ্চালকে জানিবলৈ দিয়া মতে প্ৰতি গৰাকী ৰোগীক এমাহৰ বাবে কেন্দ্ৰটোত বিনামূলীয়াকৈ ফিজিঅথেৰাপী সুবিধা প্ৰদান কৰিব । অন্যহাতেদি ফিজিঅথেৰাপী কেন্দ্ৰ স্থাপনৰ যোগেদি কেইবা গৰাকী নিবনুৱাকো সংস্থাপনৰ বাট মুকলি কৰি দিছে

Related Articles