বিহালী সমষ্টিৰ বটিয়ামাৰীত ১৯৯৮ চনতেই গঠিত ঘিমিৰে আত্ম সহায়ক গোটে ইতিমধ্যে ২৫বছৰত ভৰি দিয়াত যোৱা কালি বটিয়ামাৰীত দিনযোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী পালন কৰে । এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে ঘিমিৰে আত্ম সহায়ক গোটৰ সভাপতি তুলাৰাম উপাধ্যায়ে। ইয়াৰ পিছতেই পিতৃ তৰ্পন অনুষ্ঠান অনুষ্ঠিত হয় আৰু ত্ৰিলোচন ঘিমিৰেই আৰম্ভ কৰা পিতৃ তৰ্পন অনুষ্ঠানত দুৰ্গা প্ৰসাদ উপাধ্যায়ে সহযোগ কৰে।তেজপুৰৰ পম্ফা দেবীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই পুষ্পাণ্জলী প্ৰদান কৰে দিলীপ ঘিমিৰেই। ইন্দ্ৰ প্ৰসাদ উপাধ্যায় আৰু দধীৰাম উপাধ্যায়ে পণ্জীয়ন কৰাৰ পিছতেই গঙ্গাধৰ -কৰুণাকৰৰ আত্মীয় কুটুম্বৰ সমাৰোহ,চিনাকী পৰ্ব আৰু অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠান সঞ্চালনা কৰে প্ৰেম উপাধ্যায় আৰু দীপক উপাধ্যায়ে।সমাৰোহৰ উদ্ধোধন কৰে পূৱ বিহালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহিম পোখ্ৰেলে।এই সমাৰোহত সুদুৰ নেপালৰ পৰা অহা ৰাজীৱ ঘিমিৰেই প্ৰস্তুত কৰা ঘিমিৰে পৰিয়ালৰ তথ্য চিত্ৰ প্ৰৰ্দশন কৰা হয় ।
এই আত্মীয় কুটুম সমাৰোহত অসমৰ বিভিন্ন জিলাৰ লগতে নেপাল,ম্যানমাৰ, মেঘালয়,অৰুণাচল, মনিপুৰ আদিৰ পৰা অহা লোকে অৎশ গ্ৰহণ কৰে। আবেলি ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মোহন উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰতিমা পাণ্ডে বঁটা বিজয়ী ,কলাশ্ৰী বিনোদ খনালে মুকলি সভা উদ্ধোধন কৰি বিগত সময় চোৱাত বিহালীত ঘিমিৰে পৰিয়ালৰ যোগদানৰ কথা উল্লেখ কৰে ।
এই সভাত বিহালীৰ মুক্তিযোদ্ধা গঙ্গাৰাম বৰুৱা,অৱসৰ প্ৰাপ্ত বিষয়া জ্ঞানেন্দ্ৰ চৰকাৰ,জ্যেষ্ঠ সাৎবাদিক অমিতাভ বৰুৱা আৰু আদৰ্শ খেতিয়ক ক্ষেমৰাজ বৰালক সমাজত আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা একোখনকৈ গামোচা জাপি আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত ঘিমিৰে আত্মসহায়ক গোটৰ স্মৃতি গ্ৰন্থ ” ঘিমিৰে প্ৰবাহ” উন্মোচন কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ সহযোগী আধ্যাপক পৰাগ দাহালে। ঘিমিৰে আত্মসহায়ক গোটে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত সুধা কণ্ঠৰ এটি গীত পৰিবেশন কৰি সকলকে আপ্লুত কৰে।