উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা অভিনেতা কিশোৰ দাস

অভিনয় জগতলৈ পুনৰ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে হাঁহি হাঁহি উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছে যুৱ অভিনেতা কিশোৰ দাস।বহুদিন ধৰি জটিল ৰোগত অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাস অৱশেষত উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা।দীৰ্ঘদিন ধৰি মহানগৰীৰ ‘হেলথ চিটি’ত চিকিৎসাধীন হৈ আছিল। চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকি আজি উন্নত চিকিৎসাৰ বাবে যুৱ অভিনেতা কিশোৰ দাস ৰাওনা হ’ল মুম্বাইলৈ। মুম্বাইত বিশেষ চিকিৎসা গ্ৰহণ কৰিবৰ বাবে অভিনেতা কিশোৰে।

মুম্বাইলৈ ৰাওনা হোৱাৰ আগমুহুৰ্তত বিমানবন্দৰত আত্মীয়, সহযোগী, শুভাকাংক্ষীয়ে শুভেচ্ছা জনাই লগতে কিশোৰেও সংবাদ মাধ্যমৰ আগত অসমবাসীক,শিল্পী সমাজ আৰু অসম চৰকাৰক ধন্যবাদ জনাই তেওঁক ইমান মৰম,আৰ্শীবাদ দিয়াৰ বাবে।পূৰ্বতকৈ সুস্থ হৈছে বুলি কয় অভিনেতা কিশোৰ দাসে।

Related Articles