ধেমাজি ডায়েটৰ আলোচনী ‘ডিমা-চি’ উন্মোচন

মানৱ সম্পদ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহি ধেমাজি জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (ডায়েট) প্ৰথম ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীৰ উদ্যোগত প্ৰকাশ পালে আলোচনী ‘ডিমা-চি’। প্ৰতিষ্ঠানৰ প্ৰথম ষান্মাসিক বৰ্ষৰ ৫০ জন প্ৰশিক্ষাৰ্থীয়ে বিভিন্ন স্থানীয় সমস্যা,অঞ্চল বিশেষ ঐতিহ্য আৰু ইতিহাস,সমস্যা আৰু সমাধানৰ ওপৰত সজাইছে ৪৯ টা বিভিন্ন স্বাদৰ,ভিন্ন ভাৱৰ লিখনি বোৰ। প্ৰতিষ্ঠা নৰ English Proficiency বিষয়ৰ তত্বাবধানত প্ৰকাশ পোৱা আলোচনীখন আজি মাংগলিক নিয়মৰ মাজেৰে উন্মোচন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষা দুলামী হেৰঞ্জ পাণ্ডুই। চক্ৰবৰ্ত্তী বৰগোহাঁইয়ে আঁতধৰা উন্মোচনী অনুষ্ঠানত তত্বাবধায়িকা তথা প্ৰবক্তা মমতা দেবী,ডঃ মৃদুস্মিতা চেতিয়া, মায়াশ্ৰী চেতিয়া ফুকন,প্ৰশিক্ষাৰ্থী পূৰ্ণ চমুৱা আদিয়ে আলোচনীৰ ওপৰত বক্তব্য প্ৰদান কৰে। ৭২ পৃষ্ঠা জোৰা আলোচনীখন উন্মোচন কৰি উন্মোচকে আলোচনীখনৰ লিখনিবোৰ উন্নত মানৰ হোৱা বুলি মন্তব্য কৰি সকলোকে সাহিত্য চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

ডায়েটৰ সমূহ শিক্ষক কৰ্মচাৰী আৰু প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জ্যোতিষ কুমাৰ গায়নে।

Related Articles