দৰঙৰ শান্তিপুখুৰী কটাহিত ধুমুহাত তাণ্ডব চলাই কৰিলে বিস্তৰ ক্ষতি৷

বৃহস্পতিবাৰে আবেল হঠাতে অহা ধুমুহাই তাণ্ডব সৃষ্টি কৰিলে পশ্চিম দৰঙৰ সমগ্ৰ অঞ্চল ৷নাগিৰাম হাজৰিকা আৰু অৰুন ডেকা নামৰ অতি দৰিদ্ৰ পৰিয়াল দুটা দুখত ভাগি পৰিছে৷অৱশ্যে দুয়োটা পৰিয়ালক ইতিমধ্যে চক্ৰ বিষয়া তৰফৰ পৰা সহায় সহযোগ কৰা হব বুলি শান্তিপুখুৰীৰ লাট মণ্ডল নৃপেন কলিতাই জানিব দিয়ে ৷

আনহাতে প্ৰাক্তন জিলা পৰিষদ সদস্য হেমন্ত কুমাৰ ডেকা আৰু প্ৰাক্তন আঞ্চলিক সদস্য দিপক ৰায় বৰুৱাই বিভাগীয় ব্যক্তিৰ সহায় সহযোগ কৰিব বুলি জানিব দিয়ে ৷

Related Articles