Breaking

ঘৰ ঘৰ নল ,ঘৰ ঘৰ জল , ভাৰত চৰকাৰৰ এটা অভিলাশী আচঁনি জল জীৱন মিছন

0 480

জে জে এম আঁচনিৰ 77 লাখ টকা উটি গল পানীত , দূৰ্ণীতিগ্ৰস্হ ঠিকাদাৰে আত্মসাত কৰিলে জে জে এমৰ ধন । ৰাইজৰ বিলৈ ঘৰ ঘৰ নল ঘৰ ঘৰ জল , ভাৰত চৰকাৰৰ এটা অভিলাশী আঁচনী জল জীৱন মিছন । এই আঁচনীত এতিয়া ব্যাপক দূৰ্নীতি সংঘটিত হৈছে । 77 লাখ টকীয়া টকীয়া আঁচনীৰ কাম শেষ নহওতেই খহি পৰিল পানী টৈংকী আৰু সীমাৰ বেৰ। যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতাধীন চৰকাৰ খনে কোনো কাৰনতে দূৰ্নীতিক প্ৰস্বয় দিয়া নহব বুলি ঘোষণা কৰিছে ঠিক সেই নিৰ্দেশক বুঢ়া আঙুলী দেখুৱাই একাংশ দূৰ্নীতিগ্ৰস্হ ঠিকাদাৰে চলাই গৈছে লুণ্ঠনৰাজ।

শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল শিঙিবিল পানীযোগান আঁচনিত বিগত বছৰত জেজেএম আচঁনিৰ অধীনত সাতসত্তৰ লাখ টকা আৱন্তন দিয়া হৈছিল আৰু সেই ঠিকা লাভ কৰিছিল মৰাণৰ ভূপেন বৰুৱা নামৰ এজন ঠিকাদাৰে ।এটুপী বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলে ভাবিছিল অতি সোনকালে পানী পাব কিন্তু তাৰ বিপৰীত ছবি এখন যোৱাকালি দেখিবলৈ পালে গাঁৱৰ ৰাইজে। নৱনিৰ্মিত পানীৰ টেংকীত পানী ভৰাওতেই টেংকীৰ চাৰিবেৰৰ ৱাল খহি পৰিল , কথমপি ৰক্ষা পৰে কৰ্মৰত কৰ্মচাৰীজন ।

কোনো ৰড ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা হৈছিল এই টেংকী যাৰবাবে খহিবলৈ পালে এই টেংকীটো। একে সময়তে অসমৰ বিভিন্ন জিলাত জে জে এমৰ কাম কৰি থকা ঠিকাদাৰে গুৱাহাটীত বহিয়েই সকলো কাম সম্পাদন কৰে , তেওঁৰ এই কামত পূৰ্ণসহযোগ আগবঢ়াই নাজিৰা জনস্বাস্হ্য কাৰিকৰী বিভাগৰ অভিজন্তা ৰাজেন বৰুৱাই , চকুৰ সন্মুখত দূৰ্নীতি দেখিও চকু মুদা ভাওধৰা এই জন অভিযন্তাজনৰ বাবেই এনে ঘটনা হবলৈ পালে বুলি গঁঞা ৰাইজৰ অভিযোগ ।

Leave A Reply

Your email address will not be published.