Breaking

ফ্লপশ্ব’ত পৰিণত হৈছে নেকি ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অংগনবাড়ী কেন্দ্ৰ

0 55

গোলাঘাট জিলাৰ পশ্চিম সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত ফুটা টিনপাত আৰু জৰাজীৰ্ণ বাঁহৰ বেৰৰ মাজতেই এটা অংগনৱাড়ী কেন্দ্ৰত চলিছে ভৱিষ্যত নাগৰিক গঢ়াৰ কৰ্মশালা। যিসময়ত ৰাজ্য চৰকাৰে কণ কণ শিশু সকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে অংগনবাড়ী কেন্দ্ৰ সমূহ নিৰ্মাণ ও পৰিচালনা কৰিবৰ বাবে কোটি টকা ব্যয় কৰিছে তেনেসময়তে বোকাখাতৰ ৩নং ৰঙাগড়াৰ এটা অংগনৱাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে কণ কণ ছাত্ৰ -ছাত্ৰীৰ প্ৰতি থকা বিভাগটোৰ দায়বদ্ধতাৰ স্বৰূপ।

২০০৯ চনতে বোকাখাতৰ ৰঙাগড়া চাহ বাগিচা অঞ্চলৰ এৰাবাৰী আৰু কঠিয়াতলিৰ মধ্যস্থানত অৱস্থিত অংগনৱাড়ী কেন্দ্ৰটোৰ দুৰাৱস্থাই স্বাভাৱিকতেই প্ৰশ্নৰ তৰ্জনী উঠাব ৰাজ্যৰ সমাজ কল্যাণ বিভাগলৈ। গোলাঘাট জিলাৰ পশ্চিম সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধিনত ২০০৯ চনতে স্থাপন কৰা এই ৩২৮ নং অংগনৱাড়ী কেন্দ্ৰটোৰ প্ৰতি প্ৰতিষ্ঠা কালৰে পৰা আজিলৈকে বিভাগীয় কৰ্তৃপক্ষৰ চকু নপৰিল ফলত বিগত ১৩ বছৰে জৰাজীৰ্ণ আন্তঃগাঁথনিৰ মাজতেই কেন্দ্ৰটোৰ কৰ্মী-সহায়িকাই অব্যাহত ৰাখিবলগীয়া হৈছে মানৱ সম্পদ গঢ়াৰ কাম কাজ।

উল্লেখযোগ্য যে, নিয়মীয়াকৈ ৩০ টাৰো অধিক শিশু থকা এই কেন্দ্ৰটোত বৰ্তমানলৈকে নহ’ল বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। ফলত কেন্দ্ৰটোৰ কাষৰে কোনো পৰিয়ালৰ পৰা সংগ্ৰহ কৰা সাধাৰণ খোৱা পানীকেই দৈনিক ব্যৱহাৰ কৰি থাকিব লাগীয়া হৈছে কেন্দ্ৰটোৰ কৰ্মী-সহায়িকাই। আনকি শিশু সকলৰ খাদ্য প্ৰস্তুতকৰণৰ বাবে কেন্দ্ৰটোত নাই স্থায়ী ৰান্ধনিশালৰ ব্যৱস্থাও। গতিকে খাদ্যৰ পৰিষ্কাৰ-পৰিচ্ছিন্নতাৰ ওপৰতো স্বাভাৱিকতেই প্ৰশ্ন উঠিব। লগতে কেন্দ্ৰটোৰ শিশু সকলৰ শৌচ-প্ৰশ্ৰাৱৰ বাবে এতিয়াও ব্যৱহাৰ কৰি থাকিবলগীয়া হৈছে ৰঙাগড়া চাহ বাগিছাৰ মুক্তাঞ্চল।

Leave A Reply

Your email address will not be published.