দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে যোগী আদিত্য নাথে…

দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে যোগী আদিত্যনাথে। লক্ষ্ণৌৰ এটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিশাল শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ শীৰ্ষ নেতাসকলৰ লগতে দলীয় কৰ্মকৰ্তা সকল। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি শাসিত ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী উপস্থিত আছে।

উল্লেখ্য যে নিৰ্বাচনত জয়লাভ কৰাৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা উত্তৰ প্ৰদেশৰ বিজেপিৰ বিধায়িনী দলৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ উপস্থিতিত আদিত্য নাথক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

শেহতীয়াকৈ সমাপ্ত হোৱা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিয়ে ২৫৫ খন আসন লাভ কৰিছিল। আনহাতে বিজেপিৰ সহযোগী আপনা দল সোণেলালে ১২ খন আৰু নিশাদ দলে ৬ খন আসন লাভ কৰিছিল৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত বিজেপিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাট মুকলি হয়।

বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা শপত গ্ৰহণ অনুষ্ঠানত যোগী আদিত্য নাথে শপতগ্ৰহণ কৰিছে। ইয়াৰ লগে লগে আদিত্য নাথ মন্ত্ৰীসভাৰ মন্ত্ৰীত্ব লাভ কৰাসকলৰ তালিকা প্ৰকাশ পাইছে। যোগীৰ দ্বিতীয়টো কাৰ্যকালত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে সূৰ্য প্ৰতাপ শ্বাহী, সুৰেশ কুমাৰ খান্না, স্বতন্ত্ৰ দেৱ সিং, বেবী ৰাণী মৌৰ্য, লক্ষ্মী নাৰায়ণ চৌধুৰী, জয়বীৰ সিং, ধৰমপাল সিং, নন্দ গোপাল গুপ্তা, ভূপেন্দ্ৰ সিং চৌধুৰী, অনিল ৰাজভৰ, জিতেন প্ৰসাদ, ৰাকেশ চাচন, অৰবিন্দ কুমাৰ শৰ্মা, যোগেন্দ্ৰ উপাধ্যায়, আশীষ পেটেল, সঞ্জয় নিশাদীশ পেটেলে।

আনহাতে ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ ) হিচাপে দায়িত্ব লাভ কৰিছে নিতিন আগৰৱালা, কপিল দেৱ আগৰৱালা, ৰবীন্দ্ৰ জয়ছোৱাল, সন্দীপ সিং, গুলাব দেৱী, গিৰিচন্দ্ৰ যাদৱ, ধৰমবীৰ প্ৰজাপতি, অসীম অৰুণ, জে পি এছ ৰাঠৌৰ, দয়াশংকৰ সিং, নৰেন্দ্ৰ কাশ্যপ, দিনেশ প্ৰতাপ সিং, অৰুণ কুমাৰ চাক্সেনা, দয়াশংকৰ মিশ্ৰ দয়ালুয়ে।

ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে মায়াংকেশ্বৰ সিং, দিনেশ খটিক, সঞ্জীৱ গণ্ড, বলদেৱ সিং ওলাখ, অজিত পাল, যশৱন্ত চাইনী, ৰামকেশ নিশাদ, মনোহৰ লাল মান্নু কোৰি, সঞ্জয় গংৱাৰ, ব্ৰিজেশ সিং, কেপি মালিক, সুৰেশ ৰাহি, সোমেন্দ্ৰ তোমাৰ, অনুপ প্ৰধানমন্ত্ৰী বাল্মীকি, ৰাকেশ ৰাঠৌৰ গুৰু, ৰজনী আজাদ, গৌতমীয়া আজাদ, বিজয় আজাদ, গৌতম শৰ্মা, বিজয় আজাদ, গৌতম শৰ্মাই।

Related Articles