কণ কণ ছাত্ৰ -ছাত্ৰীৰ জীৱনকলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ চৰম হেতালি ;

ছমাহ আগতে জলজীৱন আঁচনিৰ কাম কৰি টেংকী স্থাপন নকৰালৈকে থ’লে পেলাই ; দমকলৰ আয়ৰণযুক্ত বৰবিষ ৰূপী পানীকেই সেৱন দেৱ শিশুৰ ।

চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে অংগনৱাড়ী কেন্দ্ৰ সমূহত স্থাপন কৰা জলজীৱন আঁচনিখন কাৰ্যত ভেঁকোভাওনাত পৰিণত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে দৰঙৰ ছিপাঝাৰত। অভিযোগ অনুসৰি দৰঙৰ ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ দিমীলাপাৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত থকা দুৰদুৰীয়া অংগনৱাড়ী কেন্দ্ৰত মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে ঠিকাদাৰে বিশুদ্ধ খোৱা পানী যোগান আঁচনি এখন ৰূপায়ণ কাম কৰিবলৈ লৈ আধাতে সামৰি বাদ দিয়াত কেন্দ্ৰটোৰ কণ কণ শিশু সকলে দমকলৰ আয়ৰণযুক্ত বৰবিষ ৰূপী পানীকেই সেৱন কৰিবলগীয়া হোৱাত অভিভাৱক সকলে নিজৰ সন্তানে বেমাৰত আক্ৰান্ত হোৱাৰ শংকাত ভুগিছে।

অভিযোগ অনুসৰি আঁচনি খনৰ পানী টেংকী স্থাপন নকৰি পেলাই থোৱাত টেংকী স্থাপনৰ লোৰ সামগ্ৰী সমূহ মামৰ খাই ছিগি পৰাৰ সম্ভাৱনাই যথেষ্ট হৈ পৰিছে।চৰকাৰে ভৱিষ্যতৰ মানৱ সম্পদৰূপী দেৱ শিশুসকলৰ প্ৰতি চিন্তা কৰি গ্ৰহন কৰা আদৰণীয় কাৰ্যত সকলোৱে ভাল পাইছিল যদিও আঁচনিৰ নামত শিশু সকলৰ জীৱনলৈ  চৰম  হেতালি খেলাৰহে সামগ্ৰী হৈ পৰাৰ দিশে গতি লোৱাত চিন্তিত হৈ পৰিছে।সচেতন একাংশ লোকে বিভাগক এয়েই নেকি জলজীৱন আঁচনিৰ  জীয়া ছবি বুলি প্ৰশ্ন কৰি চৰকাৰৰ জৰুৰী দৃষ্টি আকৰ্ষণ কৰিছে ।

Related Articles