নগাঁও চহৰৰ সমীপৰ খাগৰিজান মহাবিদ্যালয়ৰ সন্মুখৰ আৰু মধুপুৰ শ্মশানৰ কাষৰ খালী ভূমিত মাটি পেলাই পৰিপূৰ্ণ কৰা আৰু চাৰিসীমাৰ পকীবেৰ দিয়া কামৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ডাকৰঘাট গাঁও পঞ্চায়তৰ অধীনত এম জি এনৰেগা আঁচনিৰ জৰিয়তে হবলগীয়া মাটি পৰিপূৰ্ণ আৰু চাৰিসীমাৰ বেৰ কামৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে মধুপুৰ শ্মশানৰ কাষৰ দ -ভূমিত মাটি পেলাই ওখ কৰি উক্ত স্থানত এখন আটকধুনীয়া উদ্যান নিৰ্মানৰ পৰিকল্পনা কৰা হৈছে।
সেই উদ্দেশ্যেৰে আজি মাটি পৰিপূৰ্ণ আৰু চাৰিসীমা বেৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰা হৈছে।উক্ত স্থানত নিৰ্মাণ হবলগীয়া উদ্যান খনৰ জৰিয়তে নগাঁও বাসী ৰাইজ উপকৃত হব বুলিও বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে।আজি আধাৰশিলা অনুষ্ঠানত পাখিমৰীয়া উন্নয়ন খন্ডৰ খণ্ড উন্নয়ন বিষয়া দীনেশ পেগু, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ৰমেশ নাথ প্ৰমুখ্যে পঞ্চায়তৰ সদস্য সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। অঞ্চলটোৰ অৱহেলিত পৰিত্যক্ত ভূমিত উদ্যান স্হাপনৰ সিদ্ধান্তক স্হানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে বিধায়ক ৰূপক শৰ্মাৰ এনে পদক্ষেপক প্ৰশংসা কৰে ।