Breaking

গেলেকী সীমান্তত অব্যাহত উত্তেজনা : শূন্যলৈ গুলী ফুটাই সন্দেহজনক নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, চাহ বাগিচাৰ পৰা খেদিলে শ্ৰমিকক ।

0 843

নাজিৰা : আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰৰ চুড়ান্ত দায়িত্বজ্ঞানীনতা আৰু নিৰ্লীপ্ততাৰ বাবে আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত যোৱা কেইটামান দিনত অসমৰ ৰাজহ ভূমিত চলোৱা ভয়াবহ আগ্ৰাসন আৰু সন্ত্ৰাসৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই আজি পুনৰ  সন্দেহজনক নগা  দুৰ্বৃত্তৰ এটা দলে হাতে হাতে বন্দুকলৈ সীমান্তৰ উক্ত অঞ্চলটোত প্ৰবেশ কৰি শূন্যলৈ গুলি চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে। নগাৰ দলটোৱে থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলক খেদি পঠাই। এই ঘটনাৰ পাছত অসম আৰক্ষীয়ে অভিযান চলাবলৈ যায় যদিও নগাৰ দলটোৱে পলায়ন কৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়ান কেম্পৰ সমীপৰ অসমৰ ৰাজ ভূমিত আজি নাগালেণ্ডৰ লুংলেই জিলাৰ অধীনৰ ইয়ংলক বস্তিৰ দিশৰ পৰা অহা এটা সন্দেহজনক নগা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰে। হাতে হাতে বন্দুক লৈ প্ৰবেশ কৰা প্ৰায় ৮/১০ জনীয়া নগা দুৰ্বৃত্তৰ দলটোৱে সীমান্ত অঞ্চলটোৰ এখন চাহ বাগিচাত পাত তুলি থকা অসমীয়া শ্ৰমিকসকলক উক্ত ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি পাত নুতুলিবলৈ কৈ খেদি পঠায়।কিন্তু শ্ৰমিকসকল বাগিচা এৰি আহিব নিবিচৰাত নগাৰ দলটোৱে শূন্যলৈ এজাই গুলী ফুটাই অঞ্চলটোৰ থলুৱা চাহ খেতিয়ক আৰু বাগিচাত কৰ্মৰত শ্ৰমিকসকলক আতংকিত কৰি তোলে। পাছত বাগিচাখনত কৰ্মৰত শ্ৰমিকসকল নগাৰ ভয়ত আঁতৰি আহে। ইফালে নগাৰ বন্দুকৰ শব্দ শুনি সীমান্ত অঞ্চলটোৰ আন আন ক্ষুদ্ৰ চাহ খেতিয়কসকল উক্ত স্হানত উপস্হিত হৈ গেলেকী আৰক্ষীক খবৰ দিয়ে। আনহাতে গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্ব শিঙিবিল অসম আৰক্ষী বেটেলিয়ানৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নগা দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে অভিযান চলাবলৈ বিচাৰে যদিও ইতিমধ্যে নগা দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে। উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা নাগালেণ্ড প্ৰশাসনৰ সহযোগত আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ অসমৰ বৃহৎ ৰাজহভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাৰ বাবে ২১ মে’ৰ পৰা নগাই অঞ্চলটোৰ অসমীয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ হাজাৰ হাজাৰ চাহ গছ ধ্বংস কৰি সীমান্ত অঞ্চলটোৰ অসমৰ বৃহৎ ৰাজহভূমি বেদখল কৰি পাঁচটাকৈ গৃহ নিৰ্মাণ কৰি নিজৰ দখললৈ নিছিল। কিন্তু যোৱা ১০ জুনৰ পুৱতি নিশা নিৰপেক্ষ বাহিনীৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰশাসনে নগাৰ উক্ত গৃহ ভাঙি জ্বলাই দিয়াৰ লগতে উক্ত স্হানত বাহৰ পতা নগা আৰক্ষীক খেদি পঠায়। ইফালে অসম আৰক্ষীৰ এই অভিযানৰ পাছতো নাগালেণ্ড আৰক্ষীয়ে অসমৰ উক্ত ৰাজহ ভূমিত তহল দিয়া ঘটনাই সীমান্ত অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তুলিছে। জাতি-মাটি-ভেটী ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে সীমান্ত অঞ্চলটোৰ অসমৰ এই বৃহৎ ভূমি ৰক্ষাৰ বাস্তৱসন্মত প্ৰদক্ষেপ গ্ৰহণ নকৰিলে অচিৰেই এই ভূমি বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

Leave A Reply

Your email address will not be published.