মুকালমুৱাত CPIM কে আদি কৰি শ্ৰমিক ইউনিয়নৰ ব্যাপক প্ৰতিবাদ।

নলবাৰী জিলাৰ মুকালমুৱাত CPIM , অংগণবাদী কৰ্মী সহায়িকাকে আদি কৰি শ্ৰমিক ইউনিয়ন, বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে শ্রমিকৰ সুৰক্ষা আৰু কল্যানৰ দাবীৰে বৃহৎ প্ৰতিবাদী উলিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰে। বৰক্ষেত্ৰীৰ বিভিন্ন শ্ৰমিক ইউনিয়নৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ শতাধিক শ্ৰমিকে ৰক্ত পতাকা লৈ শ্রমিকৰ সুৰক্ষা আৰু কল্যাণৰ দাবীত মুকালমুৱাত বৃহৎ প্ৰতিবাদী সমদল উলিয়ায় ৷ প্ৰতিবাদকাৰীসকলে শ্রমিকক সুৰক্ষা দিয়ক, শ্ৰমিকৰ প্ৰাপ্য মজুৰি প্ৰদান কৰক।


বিজেপি চৰকাৰ হায়-হায়, পেট্ৰল,ডিজেল,ৰন্ধন গেছৰ মুল্যবৃদ্ধি ৰোধ কৰক। দেশৰ সম্পত্তি পুঁজিপতিক গতোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰক ইত্যাদি ধ্বনিৰে মুকালমুৱাৰ আকাশ বতাহ কঁপাই তোলে।

Related Articles