শ্ৰমিক আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত নাজিৰাত অৱস্থান ধৰ্মঘট

ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে আহ্বান জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘট নাজিৰাতো এ আই টি ইউ চি অন্তৰ্গত ভালেকেইখন ইউনিয়নৰ কৰ্মকৰ্তাই পালন কৰে ৷ শ্ৰমিকসকলে তেওঁলোকৰ ভালেমান দাবী উত্থাপন কৰি নাজিৰা ডাকঘৰৰ সন্মুখত অৱস্থান কৰি এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷

প্ৰতিবাদী সভাত উপস্থিত থাকি চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আৰু জিলা সম্পাদক কনক গগৈয়ে দাবী সমূহৰ ব্যাখ্যা দাঙি ধৰে ৷ তেখেতে শ্ৰমিকৰ স্বাৰ্থত থকা শ্ৰমিক আইন সমূহ সংকোচন কৰি যি চাৰিটা শ্ৰমকোড গঠন কৰিলে ইয়াক বাতিলৰ দাবী জনায় ৷ কিয়নো এই চাৰি শ্ৰম সংহিতাই কেৱল মালিক তথা ক’পৰেটগোষ্ঠীৰ স্বাৰ্থহে পূৰণ কৰিব বুলি কয় ৷ চৰকাৰে নেশ্বনেল মনিটাইজেশ্বনৰ পাইপলাইনৰ জৰিয়তে যি নতুন প্ৰক্ৰিয়াই ৰাজহুৱা সম্পদ ব্যক্তিগত কৰাৰ পৰিকল্পনা কৰিছে ইয়াৰ বাতিলৰ দাবী জনায় ৷ শ্ৰমিকৰ দৈনিক মজুৰি ৭০০ টকালৈ বৃদ্ধি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰিবলৈও দাবী জনাই বক্তব্য ৰাখে ৷ কোটি কোটি নিবনুৱাক সংস্থাপনৰ বাবে সঠিক ৰাষ্ট্ৰীয় যুৱনীতি গ্ৰহণ কৰিবলৈও দাবী জনায় ৷

Related Articles