দ্য কপিল শৰ্মা শ্বৰ সুমোনা চক্ৰৱৰ্তীয়ে কপিলৰ দল ত্যাগ কৰিছে

অভিনেত্ৰী সুমোনা চক্ৰৱৰ্তীয়ে ‘দ্য কপিল শৰ্মা শ্ব’ক বিদায় দিছে। অৱশ্যে, সুমোনাই এতিয়ালৈকে এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰা নাই। কিন্তু শেহতীয়াকৈ চুমোনাৰ এখন আহিবলগীয়া ধাৰাবাহিকৰ এটা প্ৰমো মুকলি কৰা হৈছে, যাৰ ফলত তেওঁ কপিলৰ অনুষ্ঠানটোক বিদায় জনোৱাবুলি অনুমান কৰা হৈছে।সুমোনাক বঙালী অনুষ্ঠানত দেখা যাব ।বাতৰি অনুসৰি, সুমোনাই কমেডি শ্ব’ৰ পৰা ওলাই আহি নতুন অনুষ্ঠানএটাৰ অংশ হোৱাৰ সিদ্ধান্ত লৈছে। সুমোনাই নিজেই তাইৰ সামাজিক মাধ্যম একাউণ্টত প্ৰমোটো শ্বেয়াৰ কৰিছে।

য’ত দেখা গৈছে যে তেওঁ এখন বঙালী অনুষ্ঠানত উপস্থিত হ’বলৈ গৈ আছে, যাৰ নাম হৈছে ‘শোনা বেংগল’। এই অনুষ্ঠানটোত, তেওঁক ২২-২৫ বছৰীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। অনুষ্ঠানটো ৩০ মাৰ্চৰ পৰা প্ৰচাৰিত হ’ব। এতিয়া অনুমান কৰা হৈছে যে তাই কপিলৰ অনুষ্ঠানটোক বিদায় জনাইছে।

Related Articles