গোসাঁইগাঁৱত বন্দুকসহ তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ

গোসাঁইগাঁৱত বন্দুকসহ তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ । হৰিণৰ শিং, ভালুকৰ ছাল, হৰিণৰ ফান্দ উদ্বাৰ।

ৰিপু সংৰক্ষিত বনাঞ্চলত নিশা বন বিভাগ আৰু এছ এছ বিৰ যৌথ অভিযান চলাই তিনিজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে। কচুগাৱঁৰ ভৰত নগৰ গাঁৱত যৌথ অভিযানত চোৰাং চিকাৰী ব্যৱহাৰ কৰা বৃহৎ পৰিমাণৰ সামগ্ৰী উদ্বাৰ ।অভিযান চলাই হস্ত নিৰ্মিত তিনিটা বন্দুক, হৰিণৰ শিং, কাৰ আদি কৰি বিভিন্ন সামগ্ৰী উদ্বাৰ কৰিবলৈ সক্ষম হয়। চোৰাং চিকাৰী ৰিপু সংৰক্ষিত বনাঞ্চলৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বাহৰ পাতি বনৰীয়া জীৱ জন্তু হত্যা কৰি আহিছে । চোৰাং চিকাৰী কেইজন ক্ৰমে এলুছ হাসদা, (৪০),আগষ্টিন হাসদা,(৩৫) আৰু
লথৰু মুৰমু,(৫০)।


আনহাতে ধৃত লোক সকলক ঘৰৰ পৰা লৈ আনি অস্ত্ৰ হাতত দি আটক কৰিছে।এওঁলোক চোৰাং চিকাৰী নহয় বুলি পৰিয়ালৰ লোকে দাবী কৰিছে।বন বিভাগ আৰু এছ এছ বিয়ে চক্ৰান্তমূলকভাৱে আদিবাসী সকলক টাৰ্গেট কৰি লৈছে আৰু নিৰীহ সকলক চোৰাং চিকাৰী সজাই হাৰাশাস্তি কৰি আছে বুলি গুৰুতৰ অভিযোগ কৰিছে সদৌ চাওঁতাল ছাত্ৰ সন্থাই।ৰাষ্ট্ৰীয় উদ্যানৰ অজুহাতত আদিবাসী সকলৰ ওপৰত আতিশয্য চলাইছে বুলি অভিযোগ কৰিছে আদিবাসী সকলে।

Related Articles