পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে মাটিফাটা অঞ্চল । ধোৱা চাঙত পৰিণত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ প্ৰতিশ্ৰুতি ।কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ । খৰালিতো পুনৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত লৈছে ভয়ংকৰ ৰূপ । নিদ্ৰা হৰণ কৰিছে মাটিফাটা অঞ্চলবাসীৰ।
এই দৃশ্য দক্ষিণ শালমাৰা সমষ্টিৰ মাটিফাটা অঞ্চলৰ । পুনৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ লোৱাত শংকিত হৈ পৰিছে ৰাইজ । উল্লেখ্য যে, বিগত বৰ্ষৰ পৰা গৰাহনীয়াই ভয়াবহ ৰূপ লোৱাত নদীৰ বুকুত জাহ গৈছে বহুলোকৰ ঘৰ- বাৰী । কাঢ়ি নিছে অজস্ৰ জনৰ বুকু ভৰা সপোন । নদীৰ গৰ্ভত জাহ গৈছে কেইবাখনো চৰকাৰী -বেচৰকাৰী অনুষ্ঠান -প্ৰতিষ্ঠান ।স্হানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে দিয়া প্ৰতিশ্ৰুতি পৰিণত হৈছে ফুটুকাৰ ফেনত । পুনৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লোৱাত শংকিত হৈ পৰিছে সৰ্বসাধাৰণ লোক । সাংসদ বিধায়কক তথা বিভাগীয় কৰ্তৃপক্ষই প্ৰতিৰোধ ব্যৱস্হা নকৰাত বিষোদগাৰ প্ৰকাশ কৰিছে ভূক্তভোগী লোকে ।