Breaking

নলবাৰীৰ বিলপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । এজন নিহত ।

0 48

১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰী জিলাৰ বিলপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । এজন নিহত ।

ঘ্ৰাপাৰ আৰক্ষী থানাৰ অধীনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিলপাৰত পুৱতিনিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা ।

তীব্ৰগতিত গৈ থকা এখন ট্ৰাকে পথৰ ওপৰত ৰৈ থকা আন এখন ট্ৰাকক খুন্দামৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ।
দুৰ্ঘটনাত উত্তৰ প্ৰদেশৰ আচফাক নামৰ এজন ট্ৰাক চালকে মৃত্যুক সাৱটি লয় । আজি পুৱতিনিশা গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশ অভিমুখে গৈ থকা UP 25 CT 9960 নম্বৰৰ মালবাহী ট্ৰাকখনে বিলপাৰত এখন ৰাখি থোৱা ট্ৰাকত পিচফালৰ ফৰা খুন্দা মাৰে।


খুন্দা মৰাৰ ফলত মুহূৰ্ততে ট্ৰাকখনৰ সন্মুখৰ ভাগ ভাঙি চুৰ্ণ বিচুৰ্ণ হোৱাৰ লগতে ট্ৰাকখনৰ চালকজন ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় ‌। দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ট্ৰাকখনে অইন এখন ট্ৰাকক খুন্দা মৰাৰৰ ফলত চালকৰ আসনত বহি থকা উত্তৰ প্ৰদেশৰ চালকজন সম্পূৰ্ণৰূপে দুটা ভাগত বিভক্ত হৈ পৰে ।
ইফালে পুৱাৰ ভাগত ঘোগৰাপাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ৰেণৰ সহায়ত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে ।

Leave A Reply

Your email address will not be published.