সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিয়ে অপৰাধিক আটক কৰাৰ লগতে মাদক দ্ৰব্য আৰু বিস্ফোটক সামগ্ৰি উদ্ধাৰৰ বাবে ব্যবহাৰ কৰা কুকুৰৰ প্ৰশিক্ষন তথা দক্ষতা মূল্যাংকন নিৰুপনৰ আজি সফল সামৰনি পৰে ৷ এছ এছ বিৰ ফ্ৰন্টিয়াৰ গুৱাহাটীৰ অন্তৰ্গত আঠ টা বাহিনীৰ ১৭ টা কুকুৰ আৰু ২৪ গৰাকী কুকুৰ পৰিচালকে অংশ গ্ৰহন কৰে ৷ এই উপলক্ষে গোসাইগাঁও মহকুমাৰ মাটিয়াজুৰি স্থিত এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সামৰনি অনুষ্ঠানৰ আতধৰে এছ এছ বিৰ চিকিৎসক ড° ললিত দেউৰীয়ে ৷
অনুষ্ঠানত উপস্থিত এছ এছ বিৰ চিকিৎসক ড° কে কে সিং,এছ কে মন্ডল,চি অ চিৰঞ্জীৱ ভট্টাচাৰ্জী,ড° টি টি হাটজা আৰু উপ নিৰ্দেশক দিব্যৰঞ্জন সিঙে মন্তব্য আগবঢ়ায় ৷ সামৰনি অনুষ্ঠানত প্ৰশিক্ষনত ভাগ লোৱা কুকুৰ কেইটাই তেওলোকৰ পাৰদৰ্শিতা দেখুয়ায় ৷ বিগত ২১ মাৰ্চৰ পৰা আজি লৈকে চলা দহ দিনীয়া প্ৰশিক্ষত তথা দক্ষতা মূল্যাংকন নিৰুপনত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা কুকুৰ তথা পৰিচালকক পুৰস্কাৰ তথা মানপত্ৰ প্ৰদান কৰা হয় ৷