বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত অভয়াপুৰী ধৰ্মপুৰৰ পৰা বৰঘোলালৈ যোৱা ৰাজ্যিক ঘাইপথটো বছৰ-বছৰ ধৰি মেৰামতি নকৰাৰ ফলতেই বিধ্বস্ত হৈ পৰাত যাতায়ত বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ আই-মানাহৰ বিধৌত অঞ্চলটোৰ কোকিলা, কীৰ্তনপাৰা, জপেয়া,নাম্বাৰপাৰা,বৰঘোলা, তিলপুখুৰী, কাহিবাৰী, দৰকিনামাৰী, বটগুৰি ,চক্ৰভৌম, সৃজনগ্ৰাম আদি অঞ্চলৰ লোকে শিক্ষা, চিকিৎস্যা,ব্যৱসায়-বানিজ্য আদি বিভিন্ন ক্ষেত্ৰত নিতৌ হাজাৰ-হাজাৰ লোকে মহকুমাৰ সদৰ অভয়াপুৰী তথা জিলাৰ সদৰ বঙাইগাৱঁলৈ অহা-যোৱা কৰিব লাগে ।তেনেদৰে সৃজনগ্ৰাম খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়,সৃজনগ্ৰাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদি গুৰুত্বপূৰ্ণ স্হানলৈ উক্ত পথতেই একমাত্ৰ পথ হোৱাৰ লগতে অভয়াপুৰী, বঙাইগাওঁ, উত্তৰ-শালমাৰা আদি অঞ্চলৰ লোকো একেটা পথেৰেই অহা-যোৱা কৰিব লাগে ।
কিন্ত আজি কেবাবছৰ ধৰি পথটো মেৰামতি নকৰাৰ ফলত পথৰ মাজত প্ৰকাণ্ড-প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে । এনে অৱস্থাত বিগত দুদিনৰ বৰষুণৰ পানীয়ে পথৰ বহু অংশ বুৰাই পেলাইছে । কবলৈ গ’লে উত্তৰ অভয়াপুৰী সমষ্টিৰ একমাত্ৰ ব্যস্ত পথটো কেবাবছৰ ধৰি মেৰামতি নকৰাৰ ফলত ইমানেই জৰাজীৰ্ণ হৈ পৰিছে যে যান-বাহনৰ চলাচল কৰাটো অসম্ভৱ হৈ পৰিছে । প্ৰসূতি বা অন্যান্য ৰোগীৰ লগতে বয়োজ্যেষ্ঠ লোকে পথছোৱাৰে যাতায়াত কৰাৰ ক্ষেত্ৰত এশবাৰ ভাবিবলগীয়া হৈছে ৷ বাৰিষাৰ আগতে দুদিনৰ বৰষুণতে পথটোৰ অৱস্থা তথৈবচ হৈ পৰাত সৃজনগ্ৰাম সন্মিলিত নাগৰিক মঞ্চই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছ ৷ সংগঠনটোৱে পথটো শীঘ্ৰে নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনায় ৷