দৰং জিলাৰ লক্ষীমপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী দুলুৰানী ডেকাই যোৱানিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ সভানেত্ৰী দুলুৰানী ডেকাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ কেইবাখনো চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও শেষ মূহূৰ্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকা মূহূৰ্তত যোৱানিশা প্ৰায় ৯-৩০ মান বজাত ৫১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ অসম গন পৰিষদৰ পৰা নিৰ্বাচন খেলি লক্ষীমপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত হোৱা দুলুৰানী ডেকাই সৰুৰে পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা দুলুৰানী ডেকাই দলংঘাট শাখা ছাত্ৰ সন্থাৰ সম্পাদিকা,দলংঘাট মিলন হাইস্কুলৰ সম্পাদিকা,অসম গন পৰিষদ লক্ষীমপুৰ আঞ্চলিকৰ সভানেত্ৰীৰ লগতে জিলা সমিতিৰো বিষয়বাব অলংকৃত কৰাৰ লগতে দৰংজিলা মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ হৈ মৰানকে ধৰি জিলা খনৰ হৈ বিভন্ন ঠাইত প্ৰতিনিধিত্ব কৰিছিল৷
দৰং জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা সভানেত্ৰী গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে কলাইগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰবীন বৰুৱা, লক্ষীমপুৰ গাওঁ পঞ্চায়তৰ সদস্য সদস্যা তথা কৰ্মচাৰী সকল, সচিব অমৃত চন্দ্ৰ ডেকা, দৰংজিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থা, দলংঘাট শাখা ছাত্ৰ সন্থা, অসম গন পৰিষদ লক্ষীমপুৰ আঞ্চলিক সমিতি, দলংঘাট মিলন হাইস্কুলৰ লগতে অঞ্চলটো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আৰু বিশিষ্ট ব্যক্তি সকলে নিজ গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত সভানেত্ৰী দুলুৰানী ডেকাই স্বামী দুগৰাকী পুত্ৰ কন্যা সহ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়৷