চিচিবৰগাঁৱত ধৰ্মীয় নীতি-নিয়মেৰে ভূঞা বংশাৱলীৰ লাইখুঁটা স্থাপন,বহুতো বিশিষ্ট লোকৰ অংশগ্ৰহণ

অসমৰ এক অন্যতম ঐতিহ্যপূৰ্ণ জনগোষ্ঠী ভূঞাসকলৰ একাংশই ইতিহাসে ঢুকি পোৱাৰ আগৰেপৰা চিচিবৰগাঁৱত বসবাস কৰি আহিছে । বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ভূঞাসকলৰ বংশ পৰিয়াল তথা তেওঁলোকৰ বংশধৰ সকলৰ মাজত পৰিচয় আৰু একতা বৃদ্ধিৰ বাবে ১৯৭৫ চনৰেপৰা ধাৰাবাহিকভাৱে বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ভূঞা বংশাৱলী অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । এইবাৰো ভূঞা বংশাৱলী অনুষ্ঠানটো অহা ১০ বহাগ ইংৰাজী ২৪ এপ্ৰিল তাৰিখে চিচিবৰগাঁৱৰ উপেনি ভূঞা ক্ষেত্ৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে । বহাগ বিহুৰ পিছতে অনুষ্ঠিত হ’বলগীয়া বংশাৱলী কাৰ্যসূচীৰ বাবে আজি চিচিবৰগাঁৱৰ উপেনি ভূঞা ক্ষেত্ৰত সম্পূৰ্ণ ধৰ্মীয় আচাৰ-নীতিৰে লাইখুঁটা স্থাপন কৰা হয় ।

সমজুৱা প্ৰাৰ্থনা আৰু আইসকলৰ উৰুলি ধ্বনিৰ মাজত মাঙ্গলিক নীতি-নিয়মেৰে লাইখুঁটা স্থাপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নৰেশ্বৰ ভূঞাই ।

Related Articles