মাণিকপুৰৰ লুংঝাৰ গাঁৱৰ দুই সন্তানৰ মাতৃ নিৰুদ্দেশ!যদি কোনোলোকে সন্ধান পাই তেন্তে 9707902255 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকৰ আহ্বান

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুংঝাৰ গাঁৱৰ দুই সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰিছে। যোৱা ২৭ মাৰ্চৰ পৰা মাজেদ আলীৰ স্ত্ৰী ছাবিয়া খাতুন নিৰুদ্দেশ হৈ আছে। স্বামী গৃহৰ পৰা ৰাতিপুৱা কাপোৰ চিলাই কৰিবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিওঁ এতিয়ালৈকে কনো সন্ধান পোৱা নাই। নিৰুদ্দেশ সম্পৰ্কে মানিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিওঁ এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

যদি কোনোলোকে সন্ধান পাই তেন্তে 9707902255 ফোন নম্বৰত নাইবা মাণিকপুৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

Related Articles